গুৱাহাটী, ২৮ মাৰ্চ, ২০২৫ : গ্ৰাহকক অধিক সুবিধা প্ৰদানৰ বাবে পূৰবী ডেইৰীয়ে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। এতিয়াৰে পৰা ব্লিঙ্কিট, ফ্লিপকাৰ্ট, বিগবাস্কেট আৰু ছুইগি ইনষ্টামাৰ্টৰ দৰে আগশাৰীৰ ই-কমাৰ্চ (E-Commerce) প্লেটফৰ্মত উপলভ্য হ’ব পূৰবীৰ সতেজ আৰু উচ্চমানৰ দুগ্ধজাত সামগ্ৰী। এই পদক্ষেপে গুৱাহাটীত পুষ্টিকৰ দুগ্ধজাত সামগ্ৰীসমূহ গ্ৰাহকৰ বাবে সুলভ কৰি তোলাৰ লগতে পূৰবী ডেইৰীৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী ৰূপত তুলি ধৰিছে।

দুৱাৰদলিতে অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতাৰ চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এতিয়া গ্ৰাহকে মাত্ৰ কেইটামান ক্লিকৰ জৰিয়তে নিজৰ প্ৰিয় পূৰবী গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী অৰ্ডাৰ কৰি ঘৰত বহিয়েই পূৰবী ডেইৰীৰ সতেজ সোৱাদ উপভোগ কৰিব পাৰিব। এই পৰিপ্ৰেক্ষিতত ৱামুলৰ বিক্ৰী আৰু বিপণনৰ মুৰব্বী চৈয়দ মুজাদ্দিদ হুছেইনে কয়, “পূৰবীৰ দুগ্ধজাত সামগ্ৰীসমূহ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্মত অন্তৰ্ভুক্তি কৰাটো গ্ৰাহকৰ বাবে উপলভ্যতা নিশ্চিত কৰা আৰু সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। উচ্চ মানদণ্ডৰ দুগ্ধজাত সামগ্ৰীৰ চাহিদা নিৰন্তৰ বৃদ্ধি হৈ আছে, আৰু এই পদক্ষেপৰ জৰিয়তে সতেজ আৰু পুষ্টিকৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী প্ৰতিটো পৰিয়ালৰ বাবে উপলভ্য হোৱাটো সম্ভৱ হ’ব। ৱামুলত আমাৰ প্ৰধান লক্ষ্য হৈছে অসমৰ দুগ্ধ উদ্যোগক শক্তিশালী কৰা, আৰু এই ডিজিটেল সম্প্ৰসাৰণে কেৱল গ্ৰাহকসকলক লাভান্বিত কৰাই নহয়, লগতে আমাৰ দুগ্ধ উৎপাদকসকলৰ বাবেও উন্নত বজাৰৰ সুযোগ সৃষ্টি কৰিব।”

পূৰবী ডেইৰীয়ে গাখীৰ, মিঠা দৈ, সাধাৰণ দৈ আৰু পনীৰৰ দৰে সামগ্ৰীৰ মাধ্যমেৰে অসমৰ দুগ্ধ উদ্যোগৰ উন্নতিৰ ক্ষেত্ৰত অন্যতম আগশাৰীৰ কোম্পানী হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্মসমূহত অন্তৰ্ভুক্ত হোৱাটোৱে ৱামুলৰ দুগ্ধজাত সামগ্ৰীৰ যোগান শৃংখল আধুনিকীকৰণৰ দিশত আন এক বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। শেহতীয়াভাৱে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডে (এন ডি ডি বি) ৱামুলৰ সহযোগত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণ বৃদ্ধিৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰাৰ পিছতেই এই ডিজিটেল সম্প্ৰসাৰণৰ জৰিয়তে অসমৰ দুগ্ধ উদ্যোগক অধিক উন্নত কৰাৰ প্ৰচেষ্টা কৰা হৈছে।

ইয়াৰ দ্বাৰা ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰাই নহয়, স্থানীয় দুগ্ধ উৎপাদকসকলৰ বাবেও বৃহৎ বজাৰৰ সৃষ্টি হ’ব। এই পদক্ষেপৰ জৰিয়তে গ্ৰাহকে এতিয়া অধিক সহজে পূৰবী ডেইৰীৰ নিৰ্ভৰযোগ্য মানসম্পন্ন গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীসমূহ অনলাইনত অৰ্ডাৰ দিব পাৰিব, যাৰ ফলত অঞ্চলটোৰ আগশাৰীৰ দুগ্ধ ব্ৰেণ্ড হিচাপে পূৰবী ডেইৰীৰ স্থিতি আৰু অধিক শক্তিশালী হ’ব।