গুৱাহাটী, ১৩, এপ্ৰিল, ২০২৫ : পূৰবী ডেইৰী নামেৰে জনপ্ৰিয় পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (WAMUL)ৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অত্যাধুনিক দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পই আই এছ অ’ ২২০০০ প্ৰমাণপত্ৰ আৰু চাংসাৰীস্থিত পশুধন-খাদ্য প্ৰকল্পটোৱে আই এছ অ’ ৯০০১ প্ৰমাণপত্ৰ লাভ কৰি এক নৱতম মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। এই সন্মানীয় স্বীকৃতিসমূহ হৈছে পূৰবী ডেইৰীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ গুণগত মানদণ্ডৰ ওপৰত বৰ্ধিত সামূহিক আস্থা আৰু বিশ্বাসৰ প্ৰমাণ।
আই এছ অ’ ২২০০০ হৈছে খাদ্য সুৰক্ষা ব্যৱস্থাপনা প্ৰণালীৰ (FSMS) বাবে উপলব্ধ এক আন্তৰ্জাতিক মানদণ্ড, যাৰ দ্বাৰা খাদ্য শৃংখলৰ সৈতে জড়িত সংগঠনবোৰে খাদ্য সুৰক্ষা সম্পৰ্কীয় বিপদৰ চিনাক্তকৰণ, মূল্যাঙ্কন আৰু নিয়ন্ত্ৰণ কৰি নিৰন্তৰভাৱে সুৰক্ষিত সামগ্ৰী আৰু সেৱা প্ৰদান কৰিব পাৰে। আই এছ অ’ ৯০০১ হৈছে আন্তৰ্জাতিক মানক সংস্থা (ISO)ৰ দ্বাৰা প্ৰকাশিত মানদণ্ড ব্যৱস্থাপনা প্ৰণালীৰ (QMS) বাবে উপলব্ধ এক আন্তৰ্জাতিক মানদণ্ড। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ অধীনত এন ডি ডি বিয়ে ২০২৪ চনৰ ২ মাৰ্চ তাৰিখে প্ৰায় ৪৯ কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত ৱামুলৰ নতুনকৈ সম্প্ৰসাৰিত দুগ্ধ উদ্যোগটোৱে আই এছ অ’ ২২০০০:২০১৮ প্ৰমাণপত্ৰ লাভ কৰে।
দুগ্ধ উদ্যোগটোৰ আই এছ অ’ প্ৰমাণিতকৰণ প্ৰক্ৰিয়াৰ বাবেও এপাৰ্টৰ অধীনত বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও, আৰআইডিএফ-XXIII ৰ অধীনত অসম চৰকাৰে বিত্তীয় যোগান ধৰা কামৰূপ (গ্ৰাম্য) জিলাৰ চাংসাৰীত অৱস্থিত ৱামুলৰ পশুধন খাদ্য প্ৰকল্পটোৱে আই এছ অ’ ৯০০১:২০১৫ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে, দুগ্ধ সমবায়খনে ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৫ শতাংশ আকৰ্ষণীয় বৃদ্ধিৰ সৈতে ৩২০ কোটি টকাতকৈয়ো অধিক ব্যৱসায়িক লেনদেনৰ প্ৰতিবেদন দাখিল কৰে। “আমি সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে পূৰবী ডেইৰীয়ে বিগত বৰ্ষত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ৩২০ কোটি টকাতকৈয়ো অধিক ব্যৱসায়িক লেনদেন সম্পন্ন কৰাৰ উপৰি আমি আমাৰ গ্ৰাহকসকললৈ ন ন সামগ্ৰীৰ সম্ভাৰ আগবঢ়াই দিয়াত সফলতা অৰ্জন কৰিছোঁ।” WAMULৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই কয়।
“বহনক্ষম আৰু সৰ্বাংগীন বৃদ্ধিৰ জৰিয়তে আমাৰ কৃষকসকলক সবল কৰি তোলাৰ সমান্তৰালকৈ উচ্চমানৰ দুগ্ধজাত সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত আমি সদায় আমাৰ লক্ষ্য স্থিৰ কৰি ৰাখিছোঁ। সম্প্ৰসাৰণ আৰু উদ্ভাৱনৰ দিশত অভিলাষী পৰিকল্পনাৰে আমি অনাগত বছৰবোৰত অধিক সফলতা অৰ্জন কৰাৰ বাবে আত্মবিশ্বাসী।” তেওঁ লগতে কয়। যোৱা বিত্তীয় বৰ্ষত ১৬ শতাংশতকৈ অধিক বৃদ্ধি পোৱা পূৰবীৰ পেকেটযুক্ত জুলীয়া গাখীৰৰ বিক্ৰীয়ে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় হিচাপে প্ৰতিষ্ঠানটোৰ স্থিতি শক্তিশালী কৰিছে। লগতে দৈ (৬৫ শতাংশ), ঘিউ (৫৫ শতাংশ), পনীৰ (৩৫ শতাংশ) আৰু ক্ৰীম (৩৫ শতাংশ)ৰ সৈতে অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীও যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দুগ্ধ সমবায়খনে পূৰবী আইচক্ৰীম আৰু পূৰবী ফ্লেভাৰযুক্ত গাখীৰৰ দৰে নতুন সামগ্ৰীৰ জৰিয়তে গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
এই সময়ছোৱাত দুগ্ধ সমবায়খনে পৰম্পৰাগত বজাৰৰ বাহিৰেও অন্যান্ত প্ৰান্তত, বিশেষকৈ পূব অসমত বিতৰণৰ নেটৱৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছে। পূৱে তিনিচুকীয়াৰ পৰা পশ্চিমে ধুবুৰীলৈকে সমগ্ৰ ৰাজ্যজুৰি এতিয়া পূৰবীৰ জনপ্ৰিয় দুগ্ধজাত সামগ্ৰীসমূহ উপলভ্য। তাৰোপৰি, উত্তৰ পাৰৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাতো এই সমবায়খনে উল্লেখযোগ্য বিস্তাৰণ ঘটাই এক আকৰ্ষণীয় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে। অনাগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে পূৰবী ডেইৰীয়ে ৪৫০ কোটি টকাৰ ব্যৱসায়িক লেনদেন অতিক্ৰম কৰাৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (NDDB) আৰু পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে পাঞ্জাবাৰীস্থিত প্ৰকল্পটোৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা প্ৰতিদিনে ১.৫ লাখ লিটাৰ (LLPD)ৰ পৰা ৩ লাখ লিটাৰলৈ বৃদ্ধিৰ বাবে আনুষ্ঠানিকভাৱে চুক্তিবদ্ধ হৈছে। এনেদৰে, এই ১০০ কোটিটকীয়া বিনিয়োগৰ জৰিয়তে উত্তৰ-পূর্বাঞ্চলৰ বৃহত্তম প্ৰকল্প হিচাপে পৰিগণিত পাঞ্জাবাৰীস্থিত উদ্যোগটোৰ দুগ্ধ প্রক্ৰিয়াকৰণ ক্ষমতা দুগুণ কৰি তোলা হ’ব৷
“বৰ্ধিত ক্ষমতাই আমাক আমাৰ সামগ্ৰীৰ সম্ভাৰ বৃদ্ধি কৰিবলৈ, উচ্চ মানসম্পন্ন দুগ্ধজাত সামগ্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ আৰু সমগ্ৰ অঞ্চলটোৰ নতুন নতুন বজাৰলৈ আমাৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ আমাক সক্ষম কৰি তুলিব। লগতে, ইয়াৰ দ্বাৰা স্থানীয় দুগ্ধ উৎপাদকসকলক বহনক্ষম উপাৰ্জন বৃদ্ধিৰ বাবে অধিক সুযোগ প্ৰদান কৰি তেওঁলোকক সহায় কৰাৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিয়েও এক শক্তিশালী ৰূপ লাভ কৰিব৷” NEFDLৰ পৰিচালন সঞ্চালক সত্য ব্ৰত বসুৱে কয়। দুগ্ধ সমবায়খনে জীৱিকা উন্নয়ন আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ কৃষকসকলক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
পূৱ অসম দুগ্ধ সংঘ লিমিটেড (EAMUL) পূৰবীৰ অধীনত বিকশিত হোৱাৰ পাছত সমবায়খনৰ দুগ্ধ ক্ৰয়ৰ নেটৱৰ্ক এতিয়া অসমৰ সৰ্বদিশে বিস্তৃত হৈ পৰিছে আৰু ১৩০০ৰো অধিক দুগ্ধ সমবায় সমিতিৰ ৫১,০০০ গাখীৰ উৎপাদকৰ পৰা প্ৰতিদিনে মুঠ দুগ্ধ ক্ৰয়ৰ পৰিমাণ ১.৬ লাখ লিটাৰ অতিক্ৰম কৰাৰ তথ্য লাভ কৰা হৈছে৷ দুগ্ধ উৎপাদকসকলৰ উন্নয়ন সাধন কৰা, বহনক্ষম আৰু নৈতিক পদ্ধতিসমূহ আগুৱাই নিয়া তথা অসমৰ দুগ্ধ খণ্ডৰ সামগ্ৰিক উন্নয়নত অৰিহণা যোগোৱাৰ বাবে উৎসৰ্গিত পূৰবী ডেইৰীৰ বিকাশ যাত্ৰা এনেদৰেই অব্যাহত থাকিব বুলি আশা কৰা হৈছে।