গুৱাহাটী, সংবাদ ৩৬৫, ১০ অক্টোবৰ : কলিকতাৰ পৰা অসম মেঘালয় সীমান্তবৰ্তী বৰ্ণিহাট বাৰোবাৰী দুৰ্গাপূজা কৰিবলৈ আহিছিল দুজন পুৰোহিত ক্ৰমে কমল বেনাৰ্জী আৰু উজ্বল চক্ৰৱৰ্তী।

বুধবাৰে ৰাইজে আনন্দ উলাহত মুখত সানি দিয়া সেন্দুৰ ধুবলৈ এজন পুৰোহিত কমল বেনাৰ্জী পূজা মণ্ডপৰ ওচৰত থকা বৰ্ণিহাট নৈলৈ যায় আৰু তাৰে পাছতে নিখোজ হয় পুৰোহিত কমল বেনাৰ্জী।

বৃহস্পতিবাৰে পুনৰ এছ ডি আৰ এফ বাহিনীৰ এটা দলে বৰ্ণিহাট নদীত অভিযান চলাই। বর্তমানেও কোনো সন্ধান নাই পুৰোহিত কমল বেনাৰ্জী।

উল্লেখযোগ্য যে বৰ্ণিহাত বাৰুৱাৰী পূজাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে ৪০ লাখ বাজেটৰে পূজা আয়োজন কৰিছিল। সেই উপলক্ষে পূজা মণ্ডপৰ পৰা দেৱীৰ প্ৰতিমাৰ লগতে পুৰোহিতলৈকে আনিছিল কলিকতাৰ পৰা।