নিউজ ডেস্ক, ২০ আগষ্ট, ২০২৪ : ‘ডিজিটেল ইণ্ডিয়া’ দৃষ্টিভংগীৰ প্ৰচাৰ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (এনএফআৰ) অন্তৰ্গত ৰে’ল ষ্টেচনৰ বুকিং কাউণ্টাৰসমূহত নগদবিহীন লেনদেনৰ সুবিধা প্ৰদান কৰাৰ বাবে পাঁচটা মণ্ডলত অৰ্থাৎ কাটিহাৰ, ৰঙিয়া, আলিপুৰদুৱাৰ, লামডিং আৰু তিনিচুকীয়াৰ ৪২২ টা স্থানত সৰ্ব্বমুঠ ১৯১ টা কিউআৰ কোড মেচিন প্ৰদান কৰা হৈছে। এতিয়ালৈকে এইসমূহ স্থানৰ মুঠ ৫৮৭ টা কাউণ্টাৰ সামৰি লোৱা হৈছে। লগতে, ১৮৯ টা অতিৰিক্ত কিউআৰ কোড (QR Code) মেচিন ক্ৰয়ৰ প্ৰক্ৰিয়া অগ্ৰিম পৰ্যায়ত আছে আৰু শীঘ্ৰেই কিছুমান নিৰ্বাচিত ষ্টেচনত স্থাপন কৰা হ’ব।

কিউআৰ কোড মেচিন প্ৰদান কৰা কেইটামান মুখ্য ষ্টেচনৰ ভিতৰত আছে গুৱাহাটী, কামাখ্যা, নিউ জলপাইগুড়ী, ৰঙিয়া, নিউ তিনিচুকীয়া, কাটিহাৰ, নিউ বঙাইগাঁও, গোৱালপাৰা টাউন, দাৰ্জিলিং, কিষাণগঞ্জ, নিউ কোচবিহাৰ, ঘুম ইত্যাদি। কিউআৰ কোড আধাৰিত টিকট ক্ৰয় প্ৰণালীয়ে যাত্ৰীসকলক বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকৰ টিকট বুক কৰিবলৈ আৰু শাৰীৰিকভাৱে যোগাযোগৰ প্ৰয়োজন নোহোৱাকৈয়ে ষ্টেচনত কিউআৰ কোড স্কেনৰ জৰিয়তে তেওঁলোকৰ টিকট লাভৰ সুবিধা প্ৰদান কৰিব। এই পদক্ষেপে টিকট কাউণ্টাৰসমূহত যাত্ৰীৰ দীঘলীয়া শাৰী হ্ৰাস কৰিব, নগদ ধনৰ ব্যৱহাৰ হ্ৰাস কৰি এক দ্ৰুত আৰু অধিক সুৰক্ষিত টিকট ক্ৰয়ৰ প্ৰক্ৰিয়া নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

নগদবিহীন টিকটৰ বাবে কিউআৰ কোড মেচিনৰ প্ৰৱৰ্তন হৈছে উত্তৰ পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ বাবে প্ৰদান কৰা সেৱাসমূহৰ আধুনিকীকৰণ আৰু যাত্ৰী সা-সুবিধা বৃদ্ধিৰ প্ৰয়াসৰ ক্ষেত্ৰত আন এক বৃহৎ সফলতা। টিকট ক্ৰয় প্ৰণালীত অভিনৱ প্ৰযুক্তি গ্ৰহণ কৰাৰ বাবে ৰে’ল যাত্ৰীসকলৰ ভ্ৰমণ সহজ আৰু সুৰক্ষিত হৈ উঠিব। ইয়াৰ পূৰ্বে, ইতিমধ্যে উত্তৰ পূব সীমান্ত ৰে’লৱেই আনৰিজাৰ্ভড টিকেটিং চিষ্টেম (ইউটিএছ) এপৰ জৰিয়তে মোবাইল এপ-আধাৰিত টিকট ক্ৰয় প্ৰণালী গ্ৰহণ কৰিছে। এই এপটোৱে যাত্ৰীসকলক তেওঁলোকৰ পৰিকল্পিত যাত্ৰাৰ বাবে তেওঁলোকৰ স্মাৰ্ট ফোন ব্যৱহাৰ কৰি কেৱল ঘৰৰ পৰাই আৰামেৰে অসংৰক্ষিত টিকট বুক কৰিবলৈ সক্ষম হ’ব।

‘ডিজিটেল ইণ্ডিয়া’ প্ৰয়াসৰ উদ্দেশ্য হৈছে তিনিটা “চি” অৰ্থাৎ কনটেক্টলেছ টিকেটিং, কেছলেছ ট্ৰেনজেকছন আৰু কাষ্টমাৰ কনভেনিয়েন্স আৰু এক্সপেৰিয়েন্সক উৎসাহিতকৰণ। এনেদৰে উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’ল ব্যৱহাৰকাৰীসকলক বুকিং কাউণ্টাৰত নগদবিহীন টিকট ক্ৰয়ৰ সুবিধা লাভ কৰিবলৈ আৰু ভাৰতীয় ৰে’লৰ এই ডিজিটেল পদক্ষেপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।