সংবাদ ৩৬৫ ডেস্ক, ৩০ ছেপ্টেম্বৰঃ অসমৰ সংবাদ জগতৰ মহীৰূহ স্বৰূপ জ্যেষ্ঠ সাংবাদিক, দৈনিক অসম কাকতৰ সম্পাদক ৰাধিকা মোহন ভাগৱতীয়ে পুৱা  ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুষ্ঠতাৰ কাৰণে জ্যেষ্ঠ সাংবাদিকগৰাকী ইণ্টাৰনেচনেল হস্পিতালত চিকিৎসাধীন হৈ আছিল। ১৯৩৩ চনৰ ১৯ জানুৱাৰিত জামুগুৰিহাটত জন্ম গ্ৰহণ কৰা ৰাধিকা মোহন ভাগৱতীয়ে পঢ়া কালৰ পৰাই লিখা-মেলা কৰাৰ লগতে সমাজসেৱাৰ লগত জড়িত আছিল। জ্যেষ্ঠ সাংবাদিক ভাগৱতীয়ে জীৱনৰ শেষ মুহুৰ্তলৈকে সংবাদ জগতৰ লগত জড়িত থাকি সংবাদিকতা ক্ষেত্ৰখনত বটবৃক্ষৰ ভূমিকা গ্ৰহণ কৰি আহিছিল। ৰাধিকা মোহন ভাগৱতীয়ে সাহিত্য অকাডেমি অনুবাদ বঁটা, আনাইৰাম নুনিছা সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটাকে ধৰি বহু সন্মানেৰে সন্মানিত হৈছিল। অসমৰ সংবাদ জগতৰ মহীৰূহ স্বৰূপ ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনত শোকাকুল পৰিবেশ বিৰাজ  কৰিছে।