গুৱাহাটী, ১০ জুলাই, ২০২৫ : জুলাই মাহৰ এই গৰমৰ বন্ধৰ (Summer Vacation) সময়ছোৱাত পৰিয়ালৰ সৈতে পাৰ কৰা মুহূৰ্তবোৰ অধিক স্মৰণীয় আৰু আনন্দময় কৰি তোলাৰ বাবে গোটেই মাহটোৰ বাবে ৰেডিচন ব্লু গুৱাহাটীয়ে তেওঁলোকৰ অল ডে ডাইনিং ৰেষ্টুৰেণ্ট কেফে-বি-ইউত আয়োজন কৰিছে থিমভিত্তিক খাদ্য উৎসৱৰ। শিশুসকলৰ বাবে কাৰ্টুন থিমৰ বিশেষ দেওবৰীয়া ব্ৰাঞ্চ, আৰবীয় খাদ্যৰে সমৃদ্ধ শুকুৰবৰীয়া নৈশ ভোজন উৎসৱ, আৰু মাহৰ শেষৰ সপ্তাহত অভিভাৱকসকলৰ বাবে বিশেষ দিন এই সম্পূৰ্ণ জুলাই মাহত ৰেডিচন ব্লুত থাকিব সুস্বাদু খাদ্যৰ সৈতে পৰিয়ালৰ সৈতে কটোৱা অবিস্মৰণীয় সময়ৰ সমাহাৰ।

ৰেডিচন ব্লু গুৱাহাটীৰ মুখ্য ব্যৱস্থাপক অংকুৰ মেহৰোত্ৰাই কয়, “এই জুলাই মাহত পৰিয়ালৰ সৈতে মিলি এক আনন্দৰ মুহূৰ্ত সৃষ্টিৰ লক্ষ্যৰে আমাৰ প্ৰতিটো থিমভিত্তিক ব্ৰাঞ্চ আৰু ডিনাৰৰ পৰিকল্পনা কৰা হৈছে। শিশুসকলৰ বাবে কাৰ্টুনৰ ৰঙীন জগতৰ ব্ৰাঞ্চ হওক, অথবা শুকুৰবৰীয়া আৰবীয় খাদ্যৰ সুগন্ধি উৎসৱ হওক, কিম্বা অভিভাৱকসকলৰ বাবে হৃদয়স্পৰ্শী ব্ৰাঞ্চ- প্ৰতিটো আয়োজনত থাকিব স্মৃতিৰ পাতত সময়ক সাঁচি ৰখাৰ এক মায়াময় সুযোগ।”

শিশুসকলৰ বিদ্যালয়ৰ গৰমৰ বন্ধৰ আৰম্ভণিক উচ্ছ্বাসময় কৰি তুলিবলৈ ৰেডিচন ব্লু গুৱাহাটীয়ে আয়োজন কৰিছে ‘কাৰ্টুন ব্ৰাঞ্চ বেছ’ৰ। জুলাই মাহৰ প্ৰথম তিনিটা দেওবাৰে দুপৰীয়া ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই আনন্দময় আৰু মধুৰ ব্ৰাঞ্চ শৃংখলা। বিশেষকৈ গ্ৰীষ্মকালীন বন্ধৰ উল্লাসী শিশুসকলৰ বাবে প্ৰস্তুত কৰা এই আয়োজনে দৈনন্দিন একঘেয়ামীৰ পৰা মুক্তিৰ এক মায়াময় পথ প্ৰদৰ্শন কৰিব। প্ৰিয় কাৰ্টুন চৰিত্ৰৰে জীপাল ৰঙীন সজ্জা, শিশুসকলৰ বাবে উৎসৱমুখৰ আসনৰে সজ্জিত কিডছ কৰ্ণাৰ, মুখৰোচক আৰু চিত্তাকৰ্ষক খাদ্যৰ সম্ভাৰ, আৰু আনন্দময় কাৰ্যকলাপ, মিনি-খেল আৰু চমকৰ এক যাদুকৰী সমাহাৰেৰে এই উৎসৱে প্ৰতিটো মুহূৰ্তক অবিস্মৰণীয় কৰি তুলিব।

শিশুসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা মেন্যুত আছে স্লাইডাৰ, পাষ্টা, ফ্ৰাই, মকটেইল আৰু মোহনীয় মিঠাইৰ ষ্টেচন। শিশুসকলে এই উৎসৱমুখৰ পৰিৱেশৰ মাজত খেলি থকাৰ সময়তে অভিভাৱকসকলে জীপাল আৰু আৰু আমন্ত্ৰণশীল পৰিবেশত উপভোগ কৰিব পাৰিব বিস্তৃত আৰু সুস্বাদু ব্ৰাঞ্চৰ সোৱাদ। সপ্তাহৰ ব্যস্ততাৰ পৰা শান্তিৰ স্নিগ্ধতা লাভৰ বাবে ৰেডিচন ব্লুৱে প্ৰতি শুকুৰবাৰৰ সন্ধিয়া পৰিবেশন কৰিছে আৰবিক ফ্ৰাইডে ডিনাৰ ফিষ্ট, যিয়ে মধ্যপ্ৰাচ্যৰ মনোমোহা স্বাদৰ এক সুগন্ধি যাত্ৰাৰ পথ মুকলি কৰিব। জুলাই মাহৰ প্ৰতি শুকুৰবাৰে সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই ভোজনত থাকিব সুৰভিত ভাত, গ্ৰিল কৰা মাংসৰ সোৱাদ, পুষ্টিকৰ ষ্টিউ, মেজে প্লেটাৰ আৰু পৰম্পৰাগত আৰবীয় মিঠাই। অতিথিসকলে উষ্ণ আলোক আৰু আৰবীয় থিমৰ সপোনময় সজ্জাৰ মাজত এই অভিজ্ঞতা গ্ৰহণ কৰি গুৱাহাটীতেই ভূমধ্যসাগৰীয় সৌৰভৰ এক মায়াময় আভাস লাভ কৰিব পাৰিব।

মাহৰ শেষত এক আন্তৰিক উদযাপনৰ সৈতে ৰেডিচন ব্লু গুৱাহাটীয়ে ২৭ জুলাই, ৰবিবাৰে দুপৰীয়া ১২:৩০ বজাৰ পৰা ‘অভিভাৱক দিৱস’ৰ বাবে এক বিশেষ ব্ৰাঞ্চৰ আয়োজন কৰিছে। পৰিয়ালসমূহক আমন্ত্ৰণ জনোৱা হৈছে এই সুস্বাদু ভোজনৰ মাধ্যমেৰে পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞতা আৰু স্নেহ প্ৰকাশ কৰিবলৈ। এই আয়োজনত থাকিব বিশ্বমানৰ বুফে, লাইভ কাউণ্টাৰ আৰু উষ্ণ, আমন্ত্ৰণশীল পৰিৱেশ, যি পিতৃ-মাতৃৰ অক্লান্ত প্ৰেম আৰু পথপ্ৰদৰ্শনৰ বাবে কৃতজ্ঞতা প্ৰকাশৰ এক উপযুক্ত সুযোগ হ’ব। পৰিয়ালৰ সৈতে এক আনন্দময় সময় কটাবলৈ বা প্ৰিয়জনক বিশেষ কিছু উপহাৰ দিবলৈ ইচ্ছুক হ’লে, কেফে বি-ইউ’ৰ জুলাই মাহৰ কেলেণ্ডাৰত অপেক্ষা কৰি আছে সুস্বাদু ভোজন, আনন্দ আৰু পাহৰিব নোৱৰা স্মৃতিৰ কিছু মুহূৰ্ত। আসন সংৰক্ষণ আৰু বুকিঙৰ বাবে ৮৮১১০৯৯৩৮৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।