গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৪ : অতিথিসকলৰ বাবে এইবাৰৰ দীপাৱলী বিশেষ কৰি তুলিবলৈ সাজু হৈছে ৰেডিচন ব্লু (Radisson Bul) গুৱাহাটী। পোহৰৰ এই উৎসৱ চমু চাপি অহাৰ লগে লগে দীপাৱলীৰ বাবে এক অনন্য উপহাৰৰ বিকল্প হিচাপে ৰেডিচন ব্লু গুৱাহাটীয়ে আগবঢ়াইছে মিঠা বাই ৰেডিচন হোটেলছৰ অনন্য মিষ্টান্ন সম্ভাৰ।হস্তনিৰ্মিত ভাৰতীয় মিঠাইৰ এই প্ৰিমিয়াম সংগ্ৰহে এইবাৰৰ দীপাৱলী উদযাপনক এক মাৰ্জিত আৰু ভোগবাদী প্ৰেমলৈ ৰূপান্তৰিত কৰাৰ লগতে উপহাৰদাতা আৰু উপহাৰ গ্ৰহণকাৰী উভয়ৰে বাবে এক স্মৰণীয় অভিজ্ঞতাৰ সৃষ্টি কৰিব।

ভাৰতৰ অন্যতম আনন্দময় উৎসৱ দীপাৱলীৰ সৈতে প্ৰচলিত হৈ আহিছে শুভেচ্ছা আৰু ভালপোৱাৰ আদান-প্ৰদানৰ প্ৰতীকৰূপে মিঠাই উপহাৰৰ পৰম্পৰা। দীপাৱলীৰ এই পৰম্পৰাক আঁকোৱালি লৈ ৰেডিচন ব্লু গুৱাহাটীৰ অভিজ্ঞ ৰন্ধন বিশেষজ্ঞসকলে প্ৰস্তুত কৰি আগবঢ়াইছে বিভিন্ন ধৰণৰ পৰম্পৰাগত মিঠাইৰ পৰিসৰ। এই মিষ্টান্ন পৰিসৰৰ দ্বাৰা দীপাৱলীৰ সময়ত ৰেডিচন ব্লু গুৱাহাটীয়ে তেওঁলোকৰ মিঠা বাই ৰেডিচন হোটেলছৰ জৰিয়তে উৎসৱমুখৰ পৰিৱেশটোক অধিক আলোকিত কৰি তোলাৰ লক্ষ্য ৰাখিছে। হোটেলখনৰ বিশেষ মিষ্টান্নসমূহৰ ভিতৰত আছে চকলেট বাদাম বৰফি, বাদাম পাক, কাজু ক’ইন, গোল্ডেন পিষ্টা ৱাতি, ৱালনাট ৰোলছ ইত্যাদি।

এই উৎসৱৰ বতৰত আপোনজনক সুখদায়ক মুহূৰ্ত প্ৰদান কৰিবলৈয়েই হওক বা কৰ্প’ৰেট গ্ৰাহকক আপ্লুত কৰিবলৈ হওক, অতিথিসকলৰ বাবে ‘মিঠা’ই আগবঢ়াইছে শ্ৰেষ্ঠতম উপকৰণেৰে নিখুঁতভাৱে প্ৰস্তুত কৰা উপহাৰৰ টোপোলাৰ এক বিশাল পৰিসৰ। মন কৰিবলগীয়া যে, ৰেডিচন ব্লু গুৱাহাটীৰ এই মিঠাইসমূহ ব্যক্তিগত উপহাৰ বাকচৰ পৰা আৰম্ভ কৰি বিশাল প্ৰিমিয়াম সংগ্ৰহলৈকে বিভিন্ন পেকেজিং বিকল্পত উপলব্ধ। অন্যহাতে স্বাস্থ্য সচেতন লোকসকলেও যাতে নিশ্চিন্তভাৱে এই উৎসৱৰ আনন্দ উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মিঠাত অন্তৰ্ভুক্ত কৰা হৈছে কম কেলৰিযুক্ত আৰু চেনীবিহীন মিষ্টান্ন।

ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়, ”উৎসৱৰ এই বতৰত আমি আগবঢ়োৱা মিষ্টান্নসমূহ  স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মানদণ্ড বজাই ৰাখি অতি সযতনে প্ৰস্তুত কৰা হৈছে। মিঠাইৰ ৰুচি আৰু গুণগত মানৰ ক্ষেত্ৰতো কোনোধৰণৰ আমি আপোচ কৰা নাই। এই মিষ্টান্ন ভাণ্ডাৰৰ প্ৰতিটো মিঠাইৰ মাজতে যেন সামৰি লোৱা হৈছে উৎসৱৰ আনন্দ, যাৰ বাবে এয়া দীপাৱলীৰ বাবে শ্ৰেষ্ঠ উপহাৰ হিচাপে পৰিগণিত হ’ব পাৰে।’’

এইবাৰৰ দীপাৱলী উদযাপন কৰক শ্ৰেষ্ঠ ভাৰতীয় মিঠাইৰ অনন্য সোৱাদেৰে। আজিয়েই ৰেডিচন ব্লু গুৱাহাটীলৈ যাওক বা ৮৮১১০ ৯৯৩৯৩ নম্বৰত অৰ্ডাৰ কৰক মিঠা বাই ৰেডিচনৰ অনন্য উপহাৰ!