নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ এপ্ৰিল : আৰ এছ এছৰ বিৰুদ্ধে সৰব ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজন। সংবাদ মাধ্যমৰ আগত ৰঘুৰাজনে তেওঁৰ মন্তব্য প্ৰকাশ কৰে যে -ভাৰতবৰ্ষ গান্ধী, নেহেৰুৰ দৰে মহা মনিষিৰ বিচাৰ ধাৰা আৰু মহান ভাৰতীয় সংবিধানৰ বুনিয়াদৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু আৰ এছ এছৰ দৰে সংগঠনৰ সংকীৰ্ণ দৃষ্টিকোণ ভাৰতবৰ্ষৰ প্ৰগতি গতিৰোধক হৈ পৰিছে। আৰ এছ এছৰ সকীৰ্ণ মনোভাবৰ বাবে আজি ভাৰতৰ বহু লোকৰ স্বাধীনতা বাধাপ্ৰাপ্ত হৈছে, সংবিধান বিপন্ন হৈছে।ইয়াক প্ৰতিৰোধ কৰাৰ সময় আহিছে।

উল্লেখ্য যে ৰঘুৰাম ৰাজনে অলপতে প্ৰকাশ কৰিব তেওঁৰ তৃতীয়খন গ্ৰন্হ “দ্যা থাৰ্ড পিলাৰ” অৰ্থাৎ তৃতীয় স্তম্ভ। য’ত আৰ এছ এছৰ দৰে সংগঠনৰ কথা বিশ্লেষনাত্মক ভাবে সংলগ্ন কৰা হৈছে।