নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) অধীনৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ভাৰতীয় ৰে’লৱেৰ ২০২৬-২০২৭ বৰ্ষৰ বাজেটৰ আৱন্টনে এক ঐতিহাসিক সফলতা চিহ্নিত কৰিছে। ভাৰত চৰকাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে এক অভিলেখ সংখ্যক ১১,৪৮৬ কোটি টকা নিৰ্ধাৰণ কৰিছে, যি ২০১৪ বৰ্ষৰ তুলনাত পাঁচগুণ বৃদ্ধিকে প্ৰতিফলিত কৰাৰ লগতে অঞ্চলটোত দ্ৰুত, সুৰক্ষিত আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত ৰে’ল সংযোগৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিকে পুনৰ নিশ্চিত কৰিছে।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃত আন্তঃগাঁথনিগত কামকাজ চলি আছে য’ত ৭২,৪৬৮ কোটি টকা মূল্যৰ ৰে’লৱে প্ৰকল্পসমূহ বৰ্তমান নিৰ্মাণাধীন অৱস্থাত আছে। কোকৰাঝাৰৰ পৰা ভুটানৰ গেলেফু (৬৯ কিলোমিটাৰ) লৈ ৰে’ল সংযোগৰ পৰিকল্পনা কৰি থকা হৈছে আৰু নতুন ৰে’ল পথসমূহৰ বাবে জৰীপ চলি আছে যাতে এই নেটৱৰ্ক অধিক বিস্তৃত কৰিব পৰা যায়। মণিপুৰত ৰে’লৱে প্ৰকল্পসমূহ পুনৰ আৰম্ভ কৰা হৈছে আৰু দ্ৰুতগতিত ছিকিম আৰু নাগালেণ্ডত নিৰ্মাণ কামকাজ আগবাঢ়িছে, যি আঞ্চলিক আৰু আন্তৰ্জাতিক সংযোগক যথেষ্ট উন্নত কৰি তুলিব।

চলিত বৰ্ষৰ ১৭ জানুৱাৰী তাৰিখে কামাখ্যা-হাওড়া ৰে’লপথত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল সেৱা আৰম্ভ হৈ অসম আৰু পশ্চিমবঙ্গক সংযোগ কৰি অসমত এক অন্যতম গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিগত বিকাশৰ সূচনা হৈছে। ঠিক পৰৱৰ্তী দিনটোতে আন এক গৌৰৱৰ মুহূৰ্ত চিহ্নিত হৈছে যেতিয়া অসমৰ প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা গুৱাহাটী (কামাখ্যা)-ৰোহতক আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ) ৰ মাজত আৰম্ভ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন ৰে’ল সেৱা উদ্বোধন কৰিছে, যি অসম, পশ্চিমবংগ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মাজত দীৰ্ঘ-দূৰত্বৰ ৰে’ল যোগাযোগক অধিক শক্তিশালী কৰি তুলিছে।

ইয়াৰ লগতে, পাটনা হৈ বাৰাণসী-শিলিগুড়ী বুলেট ৰে’ল কৰিডৰৰো প্ৰস্তাৱ কৰা হৈছে আৰু ভৱিষ্যতত গুৱাহাটীলৈকে এই ৰে’লসেৱাৰ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা আছে, যাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ হাই-স্পীড ৰে’ল নেটৱৰ্কৰ অধীনলৈ অনা হ’ব।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ৰে’লৱে নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু বৈদ্যুতিকৰণৰ কামকাজ ত্বৰান্বিত হৈছে। পাঁচখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সম্পূৰ্ণৰূপে বৈদ্যুতিকৰণ কৰা হৈছে আৰু অসমে ৯৮ শতাংশ বৈদ্যুতিকৰণ প্ৰাপ্ত কৰাৰ লগতে অঞ্চলটোত ২,৮৩৯ কিলোমিটাৰ বৈদ্যুতিকৰণ কৰা হৈছে আৰু ২০১৪ বৰ্ষৰ পৰাই প্ৰায় ১৯০০ কিলোমিটাৰ নতুন ৰে’লপথ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, ৫০২ খন ফ্লাইঅ’ভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে লগতে কবচ সুৰক্ষা ব্যৱস্থা ১১৯৭ কিলোমিটাৰৰ বাবে অনুমোদিত হৈছে, যাৰ অধীনত ২৩৫ কিলোমিটাৰত এই কাম অগ্ৰগতিৰ পথত আছে।

প্ৰযুক্তি আৰু সুৰক্ষা মুখ্য অগ্ৰাধিকাৰৰ বিষয়বস্তু হৈ আছে, য’ত ৰে’লৱে ট্ৰেকত হাতীৰ মৃত্যু প্ৰতিৰোধ কৰাৰ অৰ্থে এআই-ভিত্তিক কেমেৰা ব্যৱস্থাসমূহৰ স্থাপন আৰু স্মাৰ্ট অপাৰেচনৰ বাবে অনুপ্ৰৱেশ চিনাক্তকৰণ পদ্ধতি (আইডিএছ)ক শক্তিশালী কৰি তোলা হৈছে। ২০১৪ বৰ্ষৰ তুলনাত এই ৰে’লৱেত বিনিয়োগ এতিয়া পাঁচগুণ বেছি হৈছে, ভাৰতীয় ৰে’লৱেই সকলোৰে অন্তৰ্ভুক্তিমূলক উন্নয়ন গ্ৰহণ কৰি বাণিজ্য আৰু পৰ্যটন বৃদ্ধি কৰাৰ লগতে অসম, উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ বাবে বহনক্ষম ৰে’ল বিকাশৰ এক নতুন যুগৰ সূচনা কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ সম্প্ৰসাৰিত কৰা ৰে’ল নেটৱৰ্কে ভাৰত চৰকাৰৰ এক্ট ইষ্ট নীতিৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যিয়ে উত্তৰ-পূৰ্বাঞ্চলত সীমান্তৱৰ্তী যোগাযোগ আৰু আঞ্চলিক ৰে’ল যোগাযোগক সমৃদ্ধ কৰিছে।