গুৱাহাটী, ২৫ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) যাত্ৰীসকলৰ বাবে এক পৰিষ্কাৰ, স্বাস্থ্যসন্মত আৰু আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে এক বিস্তৃত পদক্ষেপ গ্ৰহণ কৰিছে। গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত আছে যাত্ৰাৰ সময়ছোৱাত নিয়মিত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে অ’নবৰ্ড হাউচকিপিং সেৱা (ওবিএইচএছ), ষ্টেচন আৰু ডিপোসমূহত যান্ত্ৰিক পৰিষ্কাৰ প্ৰণালী আৰু পৰিৱেশ-অনুকূল আৱৰ্জনা নিষ্কাষণক উৎসাহিত কৰাৰ বাবে বায়ো টয়লেটৰ ব্যাপক প্ৰয়োগ। বায়ো টয়লেটৰ ব্যৱহাৰ আৰু পৰিচ্ছন্নতা অধিক বৃদ্ধি কৰাৰ বাবে এক অগ্ৰণী পদক্ষেপ হিচাপে, উত্তৰ পূব সীমান্ত ৰে’লৱেই কামাখ্যা কোচিং ডিপোত এক অত্যাধুনিক বেক্টেৰিয়া ইনোকুলাম জেনেৰেচন প্ৰকল্প আৰু পৰীক্ষা গৱেষণাগাৰ আৰম্ভ কৰিছে।

এই প্ৰচেষ্টাই উত্তৰ পূব সীমান্ত ৰে’লৱেক ভাৰতীয় ৰে’লৱেৰ ভিতৰত প্ৰথম জোন হিচাপে প্ৰতিষ্ঠা কৰিছে, যিয়ে একেটা ঠাইত বায়ো টয়লেটৰ ইনোকুলাম জেনেৰেচন আৰু গুণগত মানদণ্ডৰ নিশ্চিতকৰণ কৰিছে, যাৰ ফলত অ’ন বোৰ্ড শৌচ ব্যৱস্থাৰ এক নিৰ্ভৰযোগ্য যোগান আৰু উন্নত কাৰ্যক্ষমতা নিশ্চিত হয়। এই প্ৰচেষ্টাসমূহে উন্নত স্বচ্ছতা মানদণ্ড বজাই ৰাখি ইয়াৰ নেটৱৰ্কত যাত্ৰীৰ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। বায়ো টয়লেট হৈছে ৰে’লত পৰিৱেশ-অনুকূল আৰু স্বাস্থ্যকৰ অনাময় প্ৰণালী উন্নীত কৰাৰ ক্ষেত্ৰত বায়ো টয়লেটসমূহ উত্তৰ পূব সীমান্ত ৰেলৱেৰ অভিযানৰ গুৰূত্বপূৰ্ণ লক্ষ্যসমূহৰ অন্যতম।

এই প্ৰণালীৰ প্ৰাণকেন্দ্ৰ হৈছে এনাৰোবিক মাইক্ৰ’বিয়েল ইনোকুলামচ (এএমআই)ত এক বিশেষ ধৰণৰ বেক্টেৰিয়া দ্ৰাৱণ, যি মানৱ সৃষ্ট আৱৰ্জনা পচি যোৱাত সহায় কৰে আৰু অ’নবোৰ্ড শৌচ ব্যৱস্থা অধিক পৰিষ্কাৰ আৰু বহনক্ষম অনাময়ত সহায় কৰে। নতুন সুবিধাটোৰ দৈনিক উৎপাদন ক্ষমতা হৈছে ২,০০০ লিটাৰ। ইন হাউচ উৎপাদনৰ সৈতে, উত্তৰ পূব সীমান্ত ৰে’লৱেই এতিয়া পূৰ্বৰ তুলনাত অধিক কম খৰচত ইনোকুলাম প্ৰস্তুত কৰে, লগতে ডিআৰডিও প্ৰমাণিত মানদণ্ডও নিশ্চিত কৰিছে। নিৰ্ভৰযোগ্যতা বজাই ৰখাৰ অৰ্থে কামাখ্যাত এক সমৰ্পিত ইন হাউচ পৰীক্ষণ প্ৰয়োগশালা আছে, যিয়ে সাপ্তাহিকভাৱে ডবাসমূহত ব্যৱহৃত এএমআইৰ নিৰীক্ষণ আৰু মানদণ্ড নিয়ন্ত্ৰণ নিশ্চিত কৰে। এই পদক্ষেপে ইতিমধ্যে মাৰ্চ ২০২৫ ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰ ডিপোলৈ ৩৫,০০০ লিটাৰ ইনোকুলাম যোগান ধৰাৰ সৈতে আকৰ্ষণীয় ফলাফল দেখুৱাইছে, যাৰ ফলত বায়ো টয়লেটৰ ৰক্ষণাবেক্ষণ আৰু কাৰ্যক্ষমতা উল্লেখযোগ্যভাৱে শক্তিশালী হৈছে।

এই উন্নয়ন ষ্টেচন আৰু ৰে’লসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে, যাৰ ফলত যাত্ৰীসকলক আৰু অধিক মনোৰম, স্বাস্থ্যকৰ আৰু আৰামদায়ক ভ্ৰমণৰ অভিজ্ঞতা উপলব্ধ কৰা হৈছে। ষ্টেচনসমূহত যান্ত্ৰিক পৰিষ্কাৰ প্ৰণালী আৰু অনবোৰ্ড উদ্ভাৱনী মূলক শৌচালয় ব্যৱস্থা সহ সক্ৰিয় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থাৰ জৰিয়তে, উত্তৰ পূব সীমান্ত ৰে’লৱেই স্বচ্ছতাৰ দিশত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। এই প্ৰচেষ্টাসমূহে সেৱাৰ উৎকৃষ্টতাৰ ক্ষেত্ৰত যাত্ৰী কেন্দ্ৰিক দৃষ্টিভংগী প্ৰতিফলিত কৰিছে। এই প্ৰগতিমূখী পদক্ষেপৰ জৰিয়তে, উত্তৰ পূব সীমান্ত ৰে’লৱে পৰিষ্কাৰ, সুৰক্ষিত আৰু অধিক আতিথ্যপূৰ্ণ ৰে’লৱে পৰিৱেশ গঢ়াৰ প্ৰতিশ্ৰুতি দৃঢ় কৰি স্বচ্ছ ট্ৰেন আৰু স্বচ্ছ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে।