নিউজ ডেস্ক, ২৭ মাৰ্চ, ২০২৬ : ৰে’লপথ পাৰ হওঁতে সংঘটিত দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় ৰে’লৱে (Indian Railway) এতিয়া মিছন মোডত কাম আৰম্ভ কৰিছে। যাত্ৰী আৰু সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে দেশজুৰি সুবিধাজনক ৰে’ল সেঁতু আৰু ৰেল আণ্ডাৰপাছ নিৰ্মাণ কৰা হ’ব। এই প্ৰচেষ্টাৰ অংশ হিচাপে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত সংশ্লিষ্ট বিষয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত কৰে, য’ত সুৰক্ষা ব্যৱস্থাসমূহ কার্যকৰীভাৱে ৰূপায়ণ কৰাৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়।

বিশেষকৈ যিসকল ঠাইত ৰে’লপথৰ এটা ফালে বসতি আৰু আনটো ফালে খেতি, বিদ্যালয়, শ্মশান বা আন গুৰুত্বপূৰ্ণ স্থান অৱস্থিত, তেনে অঞ্চলসমূহত অগ্ৰাধিকাৰৰ ভিত্তিত এই ৰে’লৱে সেতুসমূহ নিৰ্মাণ কৰা হ’ব। দেশজুৰি যিসকল স্থানত দৈনন্দিনভাৱে বহু লোক ৰে’লপথ পাৰ হয়, তেনে ঠাইসমূহ চিহ্নিত কৰি ৰে’ল সেতু নিৰ্মাণৰ নিৰ্দেশ দিয়া হৈছে। জীৱনৰক্ষাকাৰী বিকল্প হিচাপে ৰে’ল সেতু ৰে’ল মন্ত্ৰীয়ে বিষয়া সকলক এনে ধৰণৰ সুৰক্ষিত আৰু ব্যৱহাৰ-সহজ ৰে’ল সেতু নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে, যি ৰে’লপথ এফালৰ পৰা আনফাললৈ যোৱা লোকসকলৰ বাবে এক নিৰ্ভৰযোগ্য আৰু জীৱন ৰক্ষাকাৰী বিকল্প হিচাপে পৰিগণিত হ’ব।

এই সেতুসমূহত চাইকেল, মোটৰচাইকেল আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীসহ সহজে পাৰ হ’ব পৰা ব্যৱস্থা থাকিব। ইয়াৰ ফলত ৰে’লপথ পাৰ হওঁতে সংঘটিত দুৰ্ঘটনাসমূহত লক্ষণীয়ভাৱে হ্ৰাস হোৱাৰ আশা কৰা হৈছে। এই পদক্ষেপটোৱে দেশৰ বৃহৎ জনসাধাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ সুৰক্ষা ব্যৱস্থা হিচাপে পৰিগণিত হ’ব। ৰে’ল মন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ সমস্যাটোৰ স্থায়ী সমাধান আগন্তুক ৫-৬ বছৰৰ ভিতৰত নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

এই সেতুসমূহ এইদৰে ডিজাইন কৰা হ’ব যাতে মাত্ৰ ১২ ঘণ্টাৰ ভিতৰত নিৰ্মাণ সম্পন্ন কৰিব পৰা যায় লগতে, ব্যৱহাৰৰ সময়ত কোনো অসুবিধা নাথাকে আৰু পানী জমা হৈ সেঁতুসমূহ ক্ষতিগ্ৰস্ত নোহোৱাটো নিশ্চিত কৰা হ’ব। এই সিদ্ধান্তটো বিগত কেইদিনমান ধৰি বিষয়া সকলৰ সৈতে কৰা বিস্তৃত আলোচনা আৰু পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা হৈছে। ৰে’ল মন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে যে এই ধৰণৰ ব্যৱস্থা সংবেদনশীল, ব্যৱহাৰযোগ্য আৰু জনসাধাৰণৰ বাস্তৱ সমস্যাসমূহৰ দীৰ্ঘমেয়াদী সমাধান প্ৰদান কৰিব পৰা যায়।