গুৱাহাটী, ৭ ফেব্ৰুৱাৰী, ২০২৪ : গুৱাহাটী ৰে’ল ষ্টেচনত (Rail Station) ৰে’ল কোচ ৰেষ্টুৰেণ্ট মুকলি। চকাৰ ওপৰত উপভোগ কৰক সুস্বাদু আহাৰ। ৰে’ল যাত্ৰীসকলক ভোজনৰ এক অনন্য পৰিৱেশ প্ৰদান কৰাৰ অৰ্থে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ মুখ্য ষ্টেচন আৰু পইণ্টসমূহত ৰে’ল কোচ ৰেষ্টুৰেণ্ট খুলি আহিছে।

এই ৰে’ল কোচ ৰেষ্টুৰেণ্টৰ প্ৰৱৰ্তনৰ লগে লগে গুৱাহাটী ষ্টেচনত খাদ্যৰ এক অভিনৱ অনুভৱ উপলব্ধ হ’ব। এই উদ্যমে ৰন্ধন পৰিৱেশনৰ এক অনন্য সোৱাদ বিচৰা ভ্ৰমণকাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিছে। পেইণ্টিং, ৱাৰ্ম লাইট আৰু আৰামদায়ক আসনেৰে সজ্জিত, গুৱাহাটী ৰে’ল ষ্টেচনত নতুনকৈ কাৰ্যক্ষম কোচ ৰেষ্টুৰেণ্টখনত স্থানীয় আহাৰৰ সোৱাদ লোৱাৰ উপৰিও অন্যান্য ভাৰতীয় আহাৰৰ আনন্দও উপভোগ কৰিব পাৰিব।

অত্যাধুনিক আন্তঃগাঁথনিৰে সজ্জিত নতুন কোচ ৰেষ্টুৰেণ্টখনে খাদ্য প্ৰেমীসকলৰ বাবে এক অনন্য পৰিৱেশ প্ৰদান কৰাৰ আশ্বাস দিছে। লোকসকলে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ৰে’লৰ কোচত খোৱাৰ অভিজ্ঞতা লাভ কৰাৰ সময়ত আনন্দ উপভোগ কৰিব পাৰিব। কোচ ৰেষ্টুৰেণ্টত খাদ্য, জলপান আৰু পানীয় ক্ৰয় কৰাৰ সুবিধা থাকিব। এতিয়ালৈকে সমগ্ৰ উত্তৰ পূব সীমান্ত ৰে’লৱেত ১৪ খন কোচ ৰেষ্টুৰেণ্ট কাৰ্যক্ষম হৈ আছে।

এনে কোচ ৰেষ্টুৰেণ্ট প্ৰৱৰ্তনৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৬২ টা স্থান বাছনি কৰা হৈছে। গুৱাহাটী ৰে’ল ষ্টেচন হৈছে উত্তৰ-পূৰ্ব্বাঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ ষ্টেচন। এই কোচ ৰেষ্টুৰেণ্টখনৰ লক্ষ্য হৈছে ৰে’লৱেৰ বাবে ভাড়াহীন ৰাজহ উৎপাদন কৰাৰ উপৰিও যাত্ৰী আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰা। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এই পদক্ষেপে দক্ষ আৰু অদক্ষ দুয়ো শ্ৰেণীৰ শ্ৰমিকৰ বাবে নিযুক্তি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।