গুৱাহাটী, ৩ ডিচেম্বৰ, ২০২৪ : যাত্ৰী আৰু জনসাধাৰণক এক ইউনিক ডাইনিং অভিজ্ঞতা প্ৰদান কৰাৰ দিশত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এনএফআৰ) ২ ডিচেম্বৰ, ২০২৪ তাৰিখে গুৱাহাটীৰ জাহাজ ঘাট (আলফ্ৰেস্কো গ্ৰেণ্ড)ৰ বিপৰীতে উজান বজাৰ ৰিভাৰফ্ৰন্টত এখন নতুন ৰে’ল কোচ ৰেষ্টুৰেণ্ট (Rail Coach Restaurant) উদ্বোধন কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয় আৰু লামডিং মণ্ডলৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই বিশাল উদ্বোধনী অনুষ্ঠানটো গৰিমামণ্ডিত কৰি তোলে।
এই পদক্ষেপৰ জৰিয়তে ৰে’লৰ অচল ডবাসমূহক স্থানীয় ঐতিহ্যৰ পৰশেৰে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা নান্দনিক আৰ্হিৰে সজোৱা ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰাৰ দিশত এই ৰে’লৱেৰ এক বহল দৃষ্টিভংগীৰেই অংশ। ৰে’ল কোচ ৰেষ্টুৰেণ্টসমূহে যাত্ৰী, পৰ্যটক আৰু আৱাসীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সময়ত এক নস্টালজিক ৰে’লৱে ডাইনিং পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য ৰাখি আহিছে। বৰ্তমান, নতুনকৈ খোলা কোচ ৰেষ্টুৰেণ্টকে ধৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত কেইবাটাও স্থান আৰু গুৰুত্বপূৰ্ণ ষ্টেচনত ১৭ খন কোচ ৰেষ্টুৰেণ্ট কাৰ্যক্ষম হৈ আছে।
এই ৰেষ্টুৰেণ্টসমূহে অনন্য পৰিৱেশ আৰু মানসম্পন্ন সেৱাৰ বাবে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। গুৱাহাটী ৰে’ল কোচ ৰেষ্টুৰেণ্টখনে এক ঐতিহ্য-প্ৰেৰণাদায়ী ডিজাইন বিকশিত কৰিছে, য’ত এক নান্দনিক ৰূপ সহ স্থানীয় সংস্কৃতি প্ৰতিফলিত কৰা বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ই বিভিন্ন খাদ্য, জলপান আৰু পানীয়ৰ সৈতে এক বৈচিত্ৰ্যপূৰ্ণ মেনু প্ৰদান কৰে যি অভ্যাগতসকলক তাৎক্ষণিক কিন্তু আনন্দদায়ক আহাৰৰ বিকল্প প্ৰদান কৰে। ৰেষ্টুৰেণ্টখন ৰে’ল যাত্ৰী, আশে পাশে থকা বাসিন্দা আৰু পৰ্যটককে ধৰি সকলোৰে বাবে উপলব্ধ, যাৰ ফলত ইয়াক ভোজনৰ এক অনন্য স্থান হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ উপৰিও, ই ৰে’লৱেৰ বাবে স্থিৰ ৰাজহ অৰ্জনত অৰিহণা যোগায় আৰু দক্ষ আৰু অদক্ষ শ্ৰমিক উভয়ৰে বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰে।
এনে ধৰণৰ পদক্ষেপে ঐতিহ্যৰ সৈতে উপযোগিতাৰ মিশ্ৰণ আৰু যাত্ৰীৰ অভিজ্ঞতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। ৰে’ল কোচ ৰেষ্টুৰেণ্টসমূহ কেৱল সাধাৰণ ৰাইজৰ ভোজনৰ প্ৰয়োজনীয়তাই পূৰণ নকৰে কিন্তু লগতে সম্পদসমূহ সৃষ্টিশীলভাৱে পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ উদ্ভাৱনী চিন্তা চৰ্চাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ প্ৰমাণ হিচাপে পৰিগণিত হয়। গুৱাহাটীৰ ৰে’ল কোচ ৰেষ্টুৰেণ্টখন খাদ্য প্ৰেমী আৰু ৰে’লৱে অনুৰাগীসকলৰ বাবে এক মুখ্য আকৰ্ষণ হৈ পৰিব বুলি আশা কৰা হৈছে, যি এই চহৰখনৰ প্ৰাণকেন্দ্ৰত আৰু ৰিভাৰফ্ৰন্টত এক অনন্য ভোজনৰ অভিজ্ঞতা প্ৰদান কৰিব।