নিউজ ডেস্ক, ১ অক্টোবৰ, ২০২৫ : ভাৰতীয় ৰে’লৱেই (Imdian Railway) মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড দৃষ্টিভংগীৰ অধীনত বগী, ডবা, ইঞ্জিন আৰু প্ৰপালচন ব্যৱস্থাকে ধৰি জটিল ৰে’লৱে সঁজুলিৰ বিশ্বব্যাপী ৰপ্তানিকাৰক হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে। এই ক্ৰমবৰ্ধমান ৰপ্তানি খণ্ডই ভাৰতৰ ডিজাইন, বিকাশ আৰু মেক ইন ইণ্ডিয়া-মেক ফৰ দ্য ৱৰ্ল্ড পদ্ধতিক প্ৰতিফলিত কৰে।
ভাৰতীয় ৰে’লৱেৰ সামগ্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত দ্ৰুতগতিত প্ৰৱেশ কৰিছে। মেট্ৰ’ ডবা অষ্ট্ৰেলিয়া আৰু কানাডালৈ, বগী যুক্তৰাজ্য, চৌদি আৰব, ফ্ৰান্স, আৰু অষ্ট্ৰেলিয়ালৈ, প্ৰপালচন চিষ্টেম ফ্ৰান্স, মেক্সিকো, ৰোমানিয়া, স্পেইন, জাৰ্মানী, আৰু ইটালীলৈ, যাত্ৰীবাহী ডবা মোজাম্বিক, বাংলাদেশ, আৰু শ্ৰীলংকালৈ আৰু ইঞ্জিন মোজাম্বিক, চেনেগাল, শ্ৰীলংকা, ম্যানমাৰ, বাংলাদেশ আৰু ৰিপাব্লিক অৱ গিনিলৈ ৰপ্তানি কৰা হৈছে।
২০২৫ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মাধৌৰা ইঞ্জিন নিৰ্মাণ কাৰখানাৰ পৰা গিনি গণৰাজ্যলৈ ৰপ্তানিৰ বাবে প্ৰথম ইঞ্জিন ফ্লেগ অফ কৰে। আজিলৈকে মাধৌৰাত নিৰ্মিত ছখন ইঞ্জিন সফলতাৰে ৰপ্তানি কৰা হৈছে। শেহতীয়াকৈ এই ইঞ্জিনসমূহ গিনি ৰিপাব্লিকত উপস্থিত হৈছে। মাধৌৰা উদ্যোগটোৱে ইভলিউচন ছিৰিজৰ ইঞ্জিনৰ বাবে দ্বিতীয়টো কৌশলগত ৰপ্তানি অৰ্ডাৰ নিশ্চিত কৰিছে, যাৰ ফলত আফ্ৰিকালৈ মুঠ ৰপ্তানি প্ৰায় ১৫০ ইউনিট হৈছে।
৪,৫০০ এচপি ইভলিউচন ছিৰিজ ইঞ্জিনেৰে চালিত এই ইঞ্জিনসমূহে উচ্চ উষ্ণতাৰ পৰিৱেশতো শ্ৰেণীৰ ভিতৰতে শ্ৰেষ্ঠ ইন্ধন কাৰ্যক্ষমতা আৰু প্ৰমাণিত কাৰ্য্যক্ষমতা প্ৰদান কৰে। এই ইঞ্জিনসমূহে ভাৰতৰ অভিযান্ত্ৰিক দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ চাহিদা পূৰণৰ ক্ষমতা প্ৰদৰ্শন কৰে। বিহাৰৰ মাধৌৰা প্লাণ্টৰ সফলতা কৌশলগত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ প্ৰমাণ, যিয়ে ভাৰতৰ উদ্ভাৱন, দক্ষতা বিকাশ, আৰু বিশ্ব ৰে’ল যোগান শৃংখলত ফলপ্ৰসূভাৱে অৰিহণা যোগোৱাৰ ক্ষমতা প্ৰদৰ্শন কৰে।