মক্কা, সংবাদ ৩৬৫, ১৪ আগষ্ট : মিনাৰ ৰাস্তা- ঘাটৰ কোনো কোনো ঠাইত একাঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে হজৰ কাম সম্পন্ন কৰে। এইক্ষেত্ৰত অসমৰ হজযাত্ৰী সকলক সহায় কৰাৰ বাবে মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা অসমৰ হজযাত্ৰীক সহায় কৰাৰ ব্যৱস্থা কৰা হৈছে।

যোৱা ৯ আগষ্টৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা হজব্ৰত পালনৰ আজি অন্তিম দিনাও বৰষুনক নেওচি চয়তানক শিল নিক্ষেপ কৰা পৰিলক্ষিত হৈছে । বৰষুণত তিতি তিতি হজ কৰাৰ বাবে মক্কাত শ শ হজযাত্ৰীৰ জ্বৰ, কাহ, চৰ্দি আদি বেমাৰত ভূগিবলগীয়া হৈছে যদিও অসমৰ আটাইকেইজন হজযাত্ৰী সংকটময় বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে অসমৰ প্ৰথমটো হজযাত্ৰীৰ দল মক্কাৰ জেদ্দা বিমানবন্দৰৰ পৰা অহা ১৭ আগষ্টত গুৱাহাটী অভিমুখে ৰাওনা হব।