অনলাইন ডেস্ক, ১৩ মেঃ ছুপাৰষ্টাৰ ৰজনীকান্তক মৃত্যুৰ ভাবুকি দিছে আণ্ডাৰৱৰ্ল্ড ডন হাজী মস্তানৰ তোলনীয় পুত্ৰ সুন্দৰ শেখৰে৷ ৰজনীকান্তে হাজী মস্তানৰ জীৱন ভিত্তিক ছবি নিৰ্মাণ কৰিব বুলি খবৰ ওলোৱা পিছতে আণ্ডাৰৱৰ্ল্ড ডনৰ পুত্ৰই ছুপাৰষ্টাৰগৰাকীক মৃত্যুৰ ভাবুকি দিয়ে৷ সুন্দৰ শেখৰে এখন পত্ৰত ৰজনীকান্তক হাজী মস্তানৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া ছবিখনত হাজী মস্তানক অপৰাধী হিচাপে উপস্থাপন নকৰিবলৈ দাবী দিয়ে৷ অন্যথা  ৰজনীকান্ত আৰু ছবিখনৰ নিৰ্মানৰ লগত জড়িত সকলোৱে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব।শেখৰে লগতে পত্ৰখনত উল্লেখ কৰে যে, হাজী মস্তান তেওঁৰ গড ফাদাৰ আৰু দেশৰ এজন ডাঙৰ ৰাজনীতিবিদ আছিল৷ মস্তানক লগত বহু ৰাজনীতি দলৰ সমৰ্থন আছে আৰু কোনে ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰা নাই৷ এজন নেতাৰ বিৰুদ্ধে যিকোনো কথা ওলালে তেওঁৰ সমৰ্থক আৰু কৰ্মীসকল উত্তপ্ত হ’ব পাৰে৷ এনে পৰিস্থিতিত সংঘটিত যিকোনো ঘটনাৰ কাৰণে আপুনি দায়ী হ’ব আৰু আইনী প্ৰক্ৰিয়াও হ’ব পাৰে৷ উল্লেখ্য যে, কাবালী চলচিত্ৰৰ পিছত ৰজনীকান্তে আন এখন চলচিত্ৰত আণ্ডাৰৱৰ্ল্ড ডনৰ ভূমিকাত অভিনয়ৰ সিদ্ধান্ত লৈছে৷ চলচিত্ৰখনত ৰজনীকান্তে ১৯৭০ দশকৰ মুম্বাইৰ ডন হাজী মস্তানৰ নাম ভূমিকাত অভিনয় কৰাৰ কথা৷ ইয়াৰ পূৰ্বেও সুন্দৰ শেখৰে অজয় দেৱগানৰ অভিনীত ৱানচ আপোন এ টাইম ইন মুম্বাইৰ সময়তো তীব্ৰ বিৰোধীতা কৰিছিল৷