গুৱাহাটীৰ, ২১ মাৰ্চ, ২০২৪ : অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা মে’ মাহত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ৷ বৃহস্পতিবাৰে এই বিষয়ে সদৰি কৰিছে ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে৷ উল্লেখ্য যে শুকুৰবাৰৰ পৰা দেশত আৰম্ভ হ’ব ১৭ সংখ্যক আই পি এল৷
লোকসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি বি চি চি আয়ে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পাৰম্ভিক সূচীহে ঘোষণা কৰিছে৷ অহা সপ্তাহত লীগৰ পৰবৰ্তী মেচৰ সূচী প্ৰকাশ কৰা হ’ব৷ ইফালে, ব’ৰ্ডৰ সচিব জয় শ্বাহে ১৭ সংখ্যক আই পি এলৰ সকলো মেচ ভাৰততে হ’ব বুলি ব্যক্ত কৰিছে৷ আনহাতে, বৃহস্পতিবাৰে ৰঞ্জিত বৰঠাকুৰেও ৰাজস্থান ৰয়েলছে গুৱাহাটীত দুখনকৈ মেচ খেলাৰ বিষয়ে নিশ্চিত কৰিছে৷ সূচী প্ৰকাশ নকৰিলেও গুৱাহাটীৰ দূয়োখন মেচে মে’ মাহত অনুষ্ঠিত হোৱাৰ বিষয়ে ৰঞ্জিত বৰঠাকুৰে ব্যক্ত কৰে৷
উল্লেখ্য যে পূৰ্বেতে অহা পাঁচ আৰু ১৬ মে’ত ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত মেচ দুখন খেলাৰ কথা আছিল৷ কিন্তু গুৱাহাটী লোকসভা নিৰ্বাচনৰ ভোটদানৰ দিন অহা সাত মে’ত হোৱাত এতিয়া মে’ৰ তৃতীয়-চতুৰ্থ সপ্তাহত মেচ দুখন অনুষ্ঠিত হ’ব৷ ‘নিৰ্বাচনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমী উৎকণ্ঠাত আছে এইবাৰ গুৱাহাটীত আই পি এলৰ মেচ হ’ব নে নাই৷ ৰাজস্থান ৰয়েলছ অসমৰ মৰমৰ দল৷ আমি অসম তথা উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীক আই পি এল মেচৰ ৰোমাঞ্চৰ পৰা কোনো কাৰণতে বঞ্চিত নকৰো৷ যোৱাবাৰৰ দৰে এইবাৰো ৰাজস্থান ৰয়েলছে দুখন মেচ এ চি এৰ বৰ্ষাপাৰা ষ্টেডিয়ামত খেলিব৷’ ৰঞ্জিত বৰঠাকুৰে ব্যক্ত কৰে৷
উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ সবাতোকৈ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূবৰ৷ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে দুখন ঘৰুৱা মেচ খেলিছিল৷ যিগৰাকী অসমীয়াৰ বাবে এই গৌৰৱ অসমে লাভ কৰিছিল তেৱে হ’ল আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ অন্যতম স্বত্ত্বাধিকাৰী অসম জননীৰ সুদক্ষ সন্তান ৰঞ্জিত বৰঠাকুৰ৷
‘আমি ধন ঘটিবলৈ অসমত আই পি এলৰ মেচ আয়োজন নকৰো৷ যোৱা বছৰ দুখন মেচ আয়োজনৰ বাবে খৰছ যিমানখিনি হৈছিল তাতকৈ কম ধন লাভ কৰিছো৷ তথাপি অসমীয়া হিচাপে মই প্ৰতিবছৰে গুৱাহাটীত খেল অয়োজন কৰাৰ সিদ্ধান্ত লৈছো৷ আই পি এল দুখন দেশৰ খেল নহয়৷ গুৱাহাটীত তিনিটা দলে খেলিব৷ প্ৰতিটো দলতে বিশ্ব ক্ৰিকেটৰ তাৰকাসকল আছে৷ সমগ্ৰ বিশ্বই গুৱাহাটীৰ আই পি এল উপভোগ কৰিব৷ অৰ্থাৎ অসম আৰু গুৱাহাটীৰ নামটো পৰিধি নথকাকৈ বিশ্বত উচ্ছাৰণ হ’ব৷ এয়া আমাৰ বাবে ইতিবাচক দিশ৷ পৰৱৰ্তী সময়ত ইয়াৰ সুপ্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিব৷’ ৰঞ্জিত বৰঠাকুৰে লগতে কয়৷ উল্লেখ্য যে এইবাৰ ৰাজস্থান ৰয়েলছে অহা ২৪ মাৰ্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷