ৰঙাপৰা, সংবাদ ৩৬৫, ১০ জুন : শোণিতপুৰৰ ৰঙাপৰাত ৰঙাপৰা ৰেলৱে মজদুৰ ইউনিয়নৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ বাবে বিনামুলীয়া প্ৰশিক্ষন শিবিৰৰ আয়োজন । ৰঙাপৰা অঞ্চলৰ শিক্ষিত ছাত্ৰ ছাত্ৰী সকলে যাতে ৰেলৰ লগতে বিভিন্ন প্ৰতিযোগিতা মুলক পৰিক্ষাৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে সেই উদ্দেশ্যৰে ৰঙাপৰা মজদুৰ ইউনিয়নে ২০১৪ চনৰে পৰাই এক বিনামুলীয়াকৈ প্ৰশিক্ষন আগবঢ়াই আহিছে।

ৰঙাপৰা মজদুৰ ইউনিয়নে জানিব দিয়ামতে ইতিমধ্যে বহু কেইগৰাকী যুবক যুবতীয়ে প্ৰশিক্ষণ গ্ৰহন কৰি ৰেলৱেৰ লগতে বহু কেইটা প্ৰতিযোগিতা মুলক পৰীক্ষাত পাছ কৰি চাকৰি কৰি আছে। ৰঙাপৰা অঞ্চলৰ বহু যুবক যুবতীয়ে উক্ত প্ৰশিক্ষন কেন্দ্ৰটিত প্ৰশিক্ষণ গ্ৰহন কৰি আছে।আনহাতে ৰঙাপৰা মজদুৰ ইউনিয়নৰ এই প্ৰচেষ্টাক শলাগ লৈছে ৰঙাপৰাবাসীৰ।