ৰঙিয়া, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ : ৰাজ্যত অব্যহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। ৰঙিয়াবাসী ৰাইজে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ওপৰত টায়াৰ জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে। প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লাঠিচালনা।

যোৱা ৯ ডিচেম্বৰত লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছৰে পৰা সমগ্ৰ অসমতে এই বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল অসমবাসী ৰাইজ। লোকসভাত গৃহীত হোৱাৰ পিছত ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন হোৱাৰ সময়ৰে পৰা সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন অধিক ভয়াবহৰূপ ধাৰণ কৰে। ৰাজ্যসভাত ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত চৰকাৰে সমগ্ৰ ৰাজ্যতে সন্ধ্য আইন জাৰি কৰিছে। চৰকাৰৰ বাধাৰ পিছতো বিধেয়ক বিৰোধী আন্দোলন ৰাজ্যত অব্যহত আছে। ৰঙিয়াবাসী ৰাইজে বিধেয়কখনৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে। আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকে প্ৰতিবাদকাৰী সকলক ছত্ৰভংগ দিয়াৰ বাবে লাঠিচালনা কৰে। লাঠিচালনাত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে।

‘জয় আই অসম’ ধ্বনিৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল সহস্ৰাধিক ৰাইজৰ প্ৰতিবাদত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ উত্তাল হৈ পৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰঙিয়া চহৰ স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়।