নিউজ ডেস্ক, ২৬ জুন, ২০২৫ : ১০০ শতাংশ বৈদ্যুতিকৰণৰ (Electrification) দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই বহনক্ষম আৰু শক্তি-দক্ষ ৰে’ল পৰিচালনৰ দিশত ইয়াৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰিছে। এই ৰে’লৱেৰ অবিৰত প্ৰয়াসৰ এক অংশৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱে প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা (পিচিইই) সন্দীপ কুমাৰে অলপতে ৰঙিয়া মণ্ডলৰ অধীনৰ গৌৰীপুৰ-অভয়পুৰী খণ্ডটোৰ এক বিধিসন্মত পৰিদৰ্শন সম্পন্ন কৰিছে। এই পৰিদৰ্শনটো ২৫ কেভি এচি বৈদ্যুতিক ট্ৰেকচনৰ ব্যৱহাৰেৰে বাণিজ্যিক ৰে’ল সেৱাৰ আৰম্ভ কৰাৰ বাবে প্রয়োজনীয় অনুমোদন প্ৰাপ্ত কৰাৰ দিশত অতি আৱশ্যক আছিল, যাৰদ্বাৰা পৰিচালন প্ৰস্তুতি আৰু সুৰক্ষা নিশ্চিত কৰা যায়।

এই পৰিদৰ্শনে এক ৮৪.৫৭৭ ৰুট কিমি আৰু এক ১১০.৪১ ট্ৰেক কিমি সামৰি লয়। পৰিদৰ্শনৰ পিছত প্ৰতি ঘন্টাত এক ৯০ কিমিৰ সৰ্ব্বোচ্চ গতিবেগত বৈদ্যুতিক ৰে’ল ইঞ্জিনৰ এক ট্ৰায়েল ৰাণ সফলতাৰে পৰিচালন কৰা হয়, যাৰদ্বাৰা এই ইলেকট্ৰিক ট্ৰেকচনৰ বাবে গৌৰীপুৰ-অভয়াপুৰী খণ্ডৰ পৰিচালন তৎপৰতাক নিশ্চিত কৰা হয়। এই ট্ৰায়েল ৰাণে কেৱল আন্তঃগাঁথনিকে প্ৰমাণীকৰণ কৰা নাই লগতে বৈদ্যুতিক ৰে’ল পৰিচালনৰ দিশত অবিৰত পৰিৱৰ্তনৰ হকে এই মণ্ডলৰ প্ৰস্তুতিসমূহকো পুনৰ নিশ্চিত কৰি তুলিছে। এই গুৰুত্বপূর্ণ পদক্ষেপৰ সফল ৰূপায়নৰ লগে লগে, উত্তৰ-পূব সীমান্ত ৰে’লৱে সংমণ্ডলৰ অধীনত সম্পূৰ্ণৰূপে বৈদ্যুতিকৃত ৰে’লৱে মণ্ডলসমূহৰ তালিকাত ৰঙিয়া মণ্ডলো অতি গৰ্বেৰে অন্তৰ্ভূক্ত হৈ পৰে, যাৰ দ্বাৰা আলিপুৰদুৱাৰ মণ্ডলৰ পিছতে ই এনেধৰণৰ দ্বিতীয়টো মণ্ডল হৈ পৰে। এই ৰূপান্তৰণে ৰে’ল সেৱাৰ গতিবেগ আৰু নিৰ্ভৰযোগ্যতা উন্নত কৰিব বুলি আশা কৰা হৈছে আৰু লগতে ব্যয় ফল-প্ৰসূ ৰে’ল পৰিচালন আৰু পাৰিপাৰ্শ্বিকভাৱে দায়িত্বশীল ৰে’ল পৰিচালনক উৎসাহিতকৰণক নিশ্চিত কৰি তুলিব।

চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে, উত্তৰ-পূব সীমান্ত ৰে’লৱে ইয়াৰ অধিক্ষেত্ৰৰ অধীনৰ বিভিন্ন খণ্ডসমূহত আনুমাণিক ৬৪০ ৰুট কিলোমিটাৰ বৈদ্যুতিকীকৰণ কৰাৰ বাবে এক লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। সমগ্ৰ মণ্ডলটোৰ বৈদ্যুতিকীকৰণে ৰে’ল পৰিচালনক উন্নত কৰিব বুলি আশা কৰা হৈছে, জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰিব আৰু সমগ্ৰ উত্তৰ পূৰ্ব্বাঞ্চলত অধিক পৰিৱেশ হিতৈষী ও উচ্চ গতিবেগসম্পন্ন ৰে’ল সেৱা প্ৰৱৰ্তনৰ বাবে পথ প্ৰশস্ত কৰি তুলিব। বৈদ্যুতিকৰণৰ এই কৌশলগত বিনিয়োগ হৈছে ভাৰতীয় ৰে’লৱেৰ নেট-জিৰো কাৰ্বন নিৰ্গমনৰ দৃষ্টিভঙ্গীক ৰূপায়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ই উত্তৰ পূৰ্ব্বাঞ্চলক এক বহনক্ষম ৰে’ল পৰিবহনৰ কেন্দ্ৰস্থল ৰূপে ৰূপান্তৰণৰ দিশত এক মুখ্য  ভূমিকা পালন কৰিব।