ৰঙিয়া, সংবাদ ৩৬৫, ২৬ এপ্ৰিলঃ ৰঙিয়া আৰক্ষী চকীৰ অন্তৰ্গত মৰানজানাত ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা এগৰাকী যুৱতী উদ্ধাৰ হয়। প্ৰাপ্ত তথ্য মতে যুৱতী গৰাকীয়ে অকলশৰে ৰঙিয়াৰ পৰা বাইহাটা অভিমুখে টেম্পো এখনত গৈ থাকোতে টেম্পোৰ চালকজনে মৰানজানাত ৰাষ্ট্ৰীয় ঘাইপথত যুৱতী গৰাকীক টেম্পোৰ পৰা নমাই দিয়াত যুৱতী গৰাকী অকলশৰীয়াভাৱে উক্ত জনশূণ্য স্থানত ৰৈ থাকোতে ছাত্ৰ সন্থাৰ কেইজমান যুৱকে প্ৰত্যক্ষ কৰে। ছাত্র সন্থাৰ বিত্ত সম্পাদক মুনীন্দ্ৰ কলিতা, পুঠিমাৰী কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সম্পাদক চন্দন কলিতাৰ লগতে পুঠিমাৰী ছাত্ৰ সন্থাৰ উপ-সভাপতি মিঠু কাকতিয়ে যুৱতী গৰাকীক সোধা পোছা কৰাত যুৱতীগৰাকীয়ে পৰিয়ালৰ লগত কাজিয়া কৰি খঙতে গোৱালপাৰাৰ ঘৰৰ পৰা গুচি অহা বুলি জানিবলৈ দিয়ে। ছাত্ৰ সন্থাৰ বিষয়ববীয়া কেইজনে আৰক্ষীক ঘটনাৰ খবৰ দিয়াত ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতী গৰাকীক আৰক্ষী চকীত লৈ যায়।