ৰঙিয়া, ৫ জুলাইঃ অসম শক্তি বিতৰণ কোম্পানীৰ বিৰুদ্ধে ছয়টাকৈ সংগঠনে উত্তাল  প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠন কেইটাই কোম্পানীটোৰ উপ মহা প্ৰৱন্ধক অৰূপ বৰুৱাৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। বৰুৱাই নিবিদা অবিহনে ঘনিষ্ঠ ঠিকাদাৰক কেবা লক্ষাধিক টকাৰ ঠিকা আবন্টন দিয়াৰ অভিযোগ কৰিছে সংগঠন কেইটাই। লগতে বিষয়া গৰাকীৰ অৱহেলাৰ বাবেই ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলত নানান বৈদ্যুতিক সমস্যাই দেখা দিয়াৰ দাবী কৰে। উল্লেখ্য যে, ৰঙিয়াত বিষয়াজনৰ গাফিলতিৰ কাৰণে প্ৰচণ্ড গৰমত দিনটোত বিদ্যুতৰ লুকা ভাকুৰ উপৰি কম ভল্টেজে জ্বলা-কলা খুৱাইছে ৰাইজক । ৰাইজৰ সমস্যাক আওকাণ কৰি বিষয়া গৰাকীয়ে কাৰ্যালয় স্থানান্তৰ কৰাতহে গুৰুত্ব দিয়া বুলি ছাত্ৰ সংগঠন কেইটাই অভিযোগ উত্থাপন কৰিছে । সেয়ে উপ মহা প্ৰৱন্ধকৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে ছয়টাকৈ সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, গৰিয়া যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ব্যৱসায়ী সন্থাৰ  লগতে অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰে ।