সোণাপুৰ, ১৯ মাৰ্চ, ২০২৫ : কচুতলীৰ উচ্ছেদিত ভূমিত দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় স্থাপনৰ বিৰোধিতা। চৰকাৰে সোণাপুৰৰ (Sonapur) কচুতলীৰ উচ্ছেদিত ভূমিত দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে সোণাপুৰত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে। কচুতলীৰ উচ্ছেদিত ভূমিত দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় স্থাপনৰ বিৰোধিতা কৰি ওলাই আহিছে এঘাৰতাকৈ জাতীয় দল সংগঠন।
সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত ভূমিত দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় স্থাপনৰ চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই ডিমৰীয়াৰ একাংশ লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উস্ম আদৰনি জনোৱাৰ পিছতে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি এঘাৰতাকৈ জাতীয় দল সংগঠনে সংবাদ মেল সম্বোধন কৰে৷ ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ সভাপতিৰ ডিমৰীয়া জিলা সমিতিৰ সভাপতি ৰমেন কাঠাৰে কয় যে কোনো কাৰনতে কচুতলীৰ জনজাতীয় আবেষ্টনীৰ উচ্ছেদিত ভূমিত দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় স্থাপন কৰিবলৈ দিয়া নহ’ব৷
ৰমেন কাঠাৰে কয় ডিমৰীয়া জনজাতি আবেষ্টনীৰ ভূমিৰ সংৰক্ষনৰ ওপৰত আমি দীৰ্ঘ বছৰ ধৰি মাত মাতি আহিছোঁ আৰু মাতি যাম৷ গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম অসম আৰক্ষীৰ এই মুখ্য কাৰ্যালয়টো কচুতলীলৈ স্থানান্তৰৰ সিদ্ধান্তক ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজে গৰিহনা দিছে৷ ৰমেন কাঠাৰে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় বনিক গোষ্ঠীয়ে যেতিয়া উদ্যোগ স্থাপনৰ বাবে ডিমৰীয়ালৈ আহে তেতিয়া তেওঁলোকে জনজাতি বেষ্টনীৰ ভূমি অবৈধভাৱে শ্ৰেনী পৰিবৰ্তন কৰি উদ্যোগ স্থাপন কৰে৷ কচুতলীৰ যি উচ্ছেদিত ভূমি সেয়া হৈছে জনজাতী বেষ্টনীৰ ভূমি৷ কোনো কাৰনতে আৰু জনজাতিৰ বেষ্টনীৰ ভূমি ধ্বংস হ’বলৈ দিয়া নহ’ব৷
ৰমেন কাঠাৰে লগতে কয় যে চৰকাৰৰ এই সিদ্ধান্তই দক্ষিণ কামৰূপ জনজাতি আবেষ্টনীৰ অঞ্চলসমূহ ধ্বংস কৰাৰ এক চক্ৰান্ত চলাইছে৷ দীৰ্ঘদিন ধৰি কাৰ্বি সকলে জনজাতিৰ মৰ্যাদা দাবি কৰি আহিছে৷ এনেদৰে জনজাতিৰ বেষ্টনীৰ ভূমি ধ্বংস কৰি কোনো কাৰনতে আৰক্ষীৰ মুখ্য কাৰ্যালয় স্থাপন কৰিবলৈ দিয়া নহ’ব। তিৱা স্বায়ত্ব পৰিষদৰ ভূমি এইদৰে অধিগ্ৰহণ কৰাৰ চক্ৰান্তও চলিছে বুলি উল্লেখ কৰে ৰমেন কাঠাৰে৷ ডিমৰীয়াৰ ছয়টা সমষ্টিত তিৱা স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিও কিন্তু খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত নহ’ল বুলিও তেওঁ কয়।
ৰমেন কাঠাৰে কয় যে কচুতলীত ম্যাদি ভূমিৰ গৰাকীক উচ্ছেদ কৰা হ’ল, সেইসকল উচ্ছেদিত ভুক্তভোগী লোক সকলে তেওঁলোকৰ ভূমি ঘূৰাই দিব লাগে বুলি লিখিতভাৱে ডিমৰীয়া ট্ৰাইবেল সংঘত অৱগত কৰিছে৷ প্ৰায় ৫৪ টা পৰিয়ালে আবেদন দাখিল কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অনিৰুদ্ধ মেধিয়ে কয় যে কচুতলীত উচ্ছেদ হৈছে আমি বেয়া পোৱা নাই৷ কিন্তু কচুতলীৰ বাহিৰেও ডিমৰীয়াৰ বহু অঞ্চলত অবৈধ বেদখল কাৰী আছে৷ সেই সকলকো আমি উচ্ছেদৰ বাবে দাবী কৰিছিলোঁ৷ কিন্তু সেইবোৰ উচ্ছেদ নকৰিলে৷ ইয়াৰ আৰৰ ৰহস্য কি? কচুতলীক লৈ কিয় ৰাজনীতি কৰিছে?
সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অনিৰুদ্ধ মেধিয়ে কয় দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় স্থাপন হ’লে অঞ্চলটোৰ স্থানীয় কোনো লোকে সংস্থাপন লাভ নকৰে। গতিকে আমি ইয়াৰ বিৰোধিতা কৰি যাম৷ ডিমৰীয়াৰ ট্ৰাইবেল মানুহবোৰ জাগিছে আৰু আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি যাম বুলিও হুংকাৰ দিছে৷ এটা ভাল অনুষ্ঠান আহক আমি আদৰণি জনাম৷ ইয়াৰ জৰিয়তে ডিমৰীয়াৰ জনজাতি বেষ্টনীৰ ভূমিৰ পৰিসৰ কমাবলৈ গৈ আছে চৰকাৰখনে বুলি উল্লেখ কৰে অনিৰুদ্ধ মেধিয়ে।