নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ জুলাই : ৰিলায়েন্সৰ মুখ্য কাৰ্যালয় বিক্ৰী কৰিবলৈ ওলাইছে অনিল আম্বানীয়ে । কাৰণ এসময়ৰ ধন কুবেৰ খ্যাত অনিল আম্বানী সম্প্ৰতি বিত্তীয় সংকটৰ গৰাহত। সেইবাবে ধাৰ মাৰিবলৈ বিক্ৰী কৰিব কাৰ্যালয়।

মুম্বাইৰ ছাণ্টাক্ৰুজৰ অভিজাত এলেকাত আছে মুখ্য কাৰ্যালয়টো । এই ৭ লাখ বৰ্গফুটৰ বিশাল কাৰ্যালয় বিক্ৰী কৰিব আম্বানীয়ে। ২ হাজাৰ কোটি টকাত কাৰ্যালয়টো বিক্ৰীৰ পৰিকল্পনা আম্বানীৰ । ২ হাজাৰ কোটি টকাত কাৰ্য্যালয়টো বিক্ৰী কৰিলেও সেই ধনেৰে ধাৰৰ সামান্য এটা অংশহে মাৰিব পাৰিব আম্বানীয়ে ।

বহু হাজাৰ কোটি টকাৰ ধাৰত পোত গৈ আছে অনিল আম্বানী ।
কেইমাহমান পূৰ্বে জেলত সোমোৱাৰ উপক্ৰম হৈছিল আম্বানী ।
এৰিকছন কোম্পানীক দিবলগীয়া হৈছিল ৫৫০ কোটি টকা ।
জ্যেষ্ঠ ভাতৃ মুকেশে ধন দি জেল যাত্ৰাৰ পৰা বচাইছিল অনিল আম্বানীক ।