গুৱাহাটী, ৭ অক্টােবৰঃ দেশৰ ক্ষীপ্ৰ বিকশিত অ’টােমােবাইল ব্ৰেণ্ডসমূহৰ অন্যতম ৰেনােই গুৱাহাটী মেট্ৰ’পলিটান (আৰবান বন্ড মটৰ প্রাইভেট লিমিটেড) শীর্ষক এক ৩এছ অত্যাধুনিক ডিলাৰশ্বিপ মুকলি কৰে। বিক্ৰী, ছার্ভিচ আৰু স্পেয়াৰ পাৰ্টৰ একমাত্র উপলব্ধতাৰে এই নতুন ডলাৰশ্বিপটােৱে গুৱাহাটী তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ উপভোক্তালৈ আগবঢ়াব ৰেনো ইণ্ডিয়াৰ শ্রেষ্ঠতম সামগ্ৰী আৰু সেৱা। উল্লেখ্য যে, নতুন ডলাৰশ্বিপটােৰ মুকলিয়ে অসমত ৰেনোৰ উপস্থিতি মুঠ বিক্ৰী কেন্দ্ৰৰ ক্ষেত্ৰত ১১লৈ বৃদ্ধি কৰাৰ লগতে ছাৰ্ভিচ আউটলেটৰ সংখ্যা ৮ টালৈ বৃদ্ধি কৰে। আনহাতে নতুন ডিলাৰশ্বিপটো মুকলি কৰি ৰেনােৱে সমগ্ৰ ভাৰতৰ প্রেক্ষাপটত ইয়াৰ সৰ্বমুঠ বিক্ৰী আউটলেটৰ সংখ্যা ৩০০ৰাে অধিকলৈ বৃদ্ধি পালে আৰু ছাৰ্ভিছ আউটলেটৰ সংখ্যা ২৫৭ পর্যন্ত বৃদ্ধি হৈছে। ৰেনোৰ নেটৱৰ্ক সম্প্রসাৰণৰ আগ্রাসী মনোভাৱৰ ওপৰত মত ব্যক্ত কৰি ৰেনো ইণ্ডিয়া অপাৰেশ্যনছৰ কাষ্ট্ৰিং চিইঅ’ তথা পৰিচালন সঞ্চালক সুমিত ছাওনিয়ে কয় যে, ৰেনোৰ বিশ্ব বজাৰ পৰিকল্পনাৰ বাবে ভাৰত এক অতি গুৰুত্বপূর্ণ বজাৰ আৰু সমগ্র দেশতে আমাৰ উপস্থিতি সবল কৰি তুলিবলৈ আৰু সম্প্রসাৰণ কৰিবলৈ আমি ইতিমধ্যেই এক সঠিক বাণিজ্যিক পৰিকল্পনা প্রস্তুত কৰি উলিয়াইছো। আমাৰ সামগ্ৰীৰ সম্প্রসাৰণে ইয়াকে প্রতিপন্ন কৰে৷ আমাৰ ধাৰাবাহিক নেটৱৰ্ক সম্প্রসাৰণ আৰু গ্ৰাহকক প্রদান কৰা সর্বোত্তম সেৱাই ইয়াৰ প্ৰমাণস্বৰূপ। ভাৰতীয় প্রেক্ষাপট তথা ইয়াৰ গ্ৰাহকসকলক এক বৈচিত্ৰতা প্রদান কৰি আমাৰ নেটৱৰ্ক সম্প্রসাৰণ কৰাৰ যোগেদি যাতে আমি দেশৰ মহানগৰসমূহৰ লগতে দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ চহৰসমূহৰ প্রয়োজনীয়তা সুন্দৰভাৱে পূৰণ কৰিব পাৰাে তাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰােপ কৰিছো৷ লগতে, ৰেনো ব্ৰেণ্ডটােক এক নতুন আৰু সপ্রতিভা বজাৰলৈ লৈ যোৱাৰ বাবে আমাৰ এক স্পষ্ট পৰিকল্পনা আছে৷ আগন্তুক ২০২০ৰ ভিতৰত আমি দেশৰ শীর্ষ ৫ টা অটােমোটিভ ব্ৰেণ্ডৰ মাজৰ এটা হ’বলৈ বিচাৰো।উল্লেখ্য যে, গুৱাহাটী মেট্ৰ’পলিটান (আৰবান ৱাৰ্ড মটৰ প্রাইভেট লিমিটেড) শীৰ্ষক শ্ব’ৰুমটাে গৰলিয়া সৰুসজাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আছে৷ শ্বৰুমটো এনেভাবে সজোৱা হৈছে যে ই ব্ৰেণ্ড ভেলু, সামগ্ৰী, সেৱা আৰু অন্যান্য সা-সৰঞ্জামসমূহ সুন্দৰভাৱে, আধুনিকধৰণে আৰু কাৰ্যকৰীভাৱে উপস্থাপন কৰি গ্ৰাহকৰ বাবে তেওঁৰ প্রয়োজনীয়তাখিনি সম্পূর্ণ কৰিবলৈ সক্ষম হয়।