মৰিগাঁও, ২৪ নৱেম্বৰ, ২০২৫ : প্ৰখ্যাত পবিতৰা অভয়াৰণ্যৰ (Pobitora Wildlife Sanctuary) পৰা মাত্ৰ কেইমিনিটমান দূৰত্বত, মায়ঙৰ সুবিস্তৃত সেউজীয়া পথাৰৰ মাজত আনুষ্ঠানিকভাৱে উন্মোচিত হ’ল এক বুটিক বন্যপ্ৰাণী ৰিট্ৰিট, যাৰ নাম ‘ৰাইনো এণ্ড ৰিভাৰ’। চাৰিওফালে বিস্তীৰ্ণ কৃষিভূমি আৰু ব্ৰহ্মপুত্ৰ নদীৰ অপূৰ্ব নৈসৰ্গিক শোভাৰে পৰিবেষ্টিত এই ভ্ৰমণ স্থানে যাত্ৰীসকলক বন্যপ্ৰাণী, স্থানীয় সংস্কৃতিৰ আমেজ আৰু আধুনিক আতিথ্যৰ এক গভীৰ অভিজ্ঞতাৰ সোৱাদ দিব।

উল্লেখ্য যে, এই বিলাসী ৰিট্ৰিটটো কাঠৰ ঘৰৰ শৈলীত নিৰ্মাণ কৰা হৈছে, য’ত গাঁৱলীয়া মনোমোহা ৰূপৰ সৈতে বৰ্তমানৰ আৰামদায়ক সা-সুবিধাৰ এক সুন্দৰ সমন্বয় সাধন কৰা হৈছে। অতিথিসকলে ‘টি গাৰ্ডেন ৰুম’ বা ‘চাফাৰি ৰুম’ৰ পৰা নিজৰ পছন্দ অনুসৰি কোঠা বাছি ল’ব পাৰিব; প্ৰতিটো কোঠাৰেই আছে ব্যক্তিগত বাৰাণ্ডা আৰু বিশেষ সেৱা-সুবিধা। এই ৰিট্ৰিটৰ মুখ্য আকৰ্ষণসমূহ হ’ল অসমৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সমলৰ মহত্ব প্ৰকাশ কৰা বিভিন্ন কাৰ্যসূচীঃ যেনে- পবিতৰাত জীপ আৰু হাতীৰ আনন্দময় চাফাৰি, প্ৰকৃতিবিদসকলৰ সৈতে পক্ষী নিৰীক্ষণৰ মনোৰম পথ, গ্ৰাম্য পৰিয়াল আৰু প্ৰাচীন মন্দিৰসমূহ দৰ্শন, ব্ৰহ্মপুত্ৰত ডলফিন উপভোগৰ জল-ক্ৰুজ আৰু লোককথা তথা পৰম্পৰাৰ বাবে সুবিখ্যাত মায়ঙত ঐতিহ্যবাহী পৰিক্ৰমা।

কোৱা বাহুল্য যে, ভ্ৰমণ অভিজ্ঞতাৰ এক অভিন্ন অংশ হৈছে ৰান্ধনিঘৰৰ যাত্ৰা। ৰিট্ৰিটৰ বিশেষ ৰেষ্টুৰেণ্ট ‘বান কাঁহী’-য়ে পথাৰৰ পৰা পোনে পোনে টেবুললৈ অনা খাদ্যৰ ওপৰত গুৰুত্ব দিয়ে, আনহাতে বাৰ ‘আপং’-ত স্থানীয়ভাৱে অনুপ্ৰাণিত ককটেইলৰ লগতে উচ্চ মানদণ্ডৰ সুৰাৰ ব্যৱস্থা আছে। ইয়াত থকা মনোৰঞ্জনৰ সুবিধা সমূহৰ ভিতৰত আছে- নদীৰ দৃষ্টিনন্দন দৃশ্যৰে সৈতে এক উষ্ণতা-নিয়ন্ত্ৰিত চুইমিং পুল, থলুৱা তেল ব্যৱহাৰ কৰি চিকিৎসা আগবঢ়োৱা নিৰ্বাণ- দ্য স্পা নামৰ এখনি স্পা, আৰু ৰক বাৰ নামৰ এক মনোৰম ল’ন, যি সৰু-সুৰা অনুষ্ঠান, উদযাপন আৰু কৰ্পোৰেট সভাৰ বাবে অতি উপযুক্ত।

এই ৰিট্ৰিটৰ আঁৰৰ দৃষ্টিভংগী সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি এছ এম ডেভেলপাৰ্ছৰ সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিকাশ আগৰৱালাই কয়, “ৰাইনো এণ্ড ৰিভাৰ’ অসমৰ প্ৰকৃতি আৰু সংস্কৃতিৰ এক সুন্দৰ সংমিশ্ৰণ প্ৰদৰ্শন কৰিবলৈ নিৰ্মাণ কৰা হৈছে। আমাৰ লক্ষ্য হৈছে বিচক্ষণ ভ্ৰমণকাৰীসকলক কেৱল থকাৰ সুবিধা দিয়াই নহয়, বৰঞ্চ এই ভূমি, ইয়াৰ লোক আৰু ইয়াৰ কাহিনীবোৰৰ সৈতে সংযোগ স্থাপন কৰিব পৰা এক বিশেষ অভিজ্ঞতা প্ৰদান কৰা। উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ দ্ৰুত বিস্তাৰৰ সময়ত, এই ৰিট্ৰিট অঞ্চলটোক এক উচ্চ মানদণ্ডৰ স্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে স্থানীয় লোকসকলৰ বাবেও অৰ্থপূৰ্ণ জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ দিশত এক বলিষ্ঠ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।”

লক্ষ্যণীয় যে, উন্নত যোগাযোগ আৰু অভিজ্ঞতাভিত্তিক ভ্ৰমণৰ বৰ্ধিত চাহিদাৰ সহায়ত উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটকৰ আগমন বৃদ্ধি পোৱাৰ সময়তে মুকলি কৰা হৈছে ‘ৰাইনো এণ্ড ৰিভাৰ’ নামৰ এই বুটিক শৈলীৰ বন্যপ্ৰাণী ৰিট্ৰিট। বহনক্ষমতা, সাংস্কৃতিক সমাহৰণ আৰু বুটিক বিলাসিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ‘ৰাইনো এণ্ড ৰিভাৰ’ অসমৰ ক্ৰমবৰ্ধমান আতিথ্যৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সাজু হৈছে।