গুৱাহাটী, সংবাদ ৩৬৫, ১৪ আগষ্ট : মহানগৰীত অব্যাহত আছে অস্বাস্থ্যকৰ তথা অপৰিস্কাৰ পৰিৱেশত খাদ্য যোগান ধৰা হোটেলৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগৰ অভিযান। মঙলবাৰে গনেশগুৰীত পুনৰ চলিল বিভাগটোৰ অভিযানৰ অন্তত বন্ধ কৰি দিয়া হয় হোটেল গামছ ডেলিকেচী।

হোটেলখনৰ বিৰুদ্ধে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰাৰ লগতে ম্যাদ উকলা মছলাৰে খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে । সেয়ে একসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হয় হোটেলখন।

গামছ ডেলিকেচীৰ লগতে মহানগৰীৰ আন কেইবাখনো হোটেলত অভিযান চলাই খাদ্য সুৰক্ষা বিভাগটোৱে। লখিমী আৰু দিচাং হোটেলতো অভিযান চলায় । অভিযানত লখিমী হোটেল আৰু দিচাং হোটেলত খাদ্য সুৰক্ষা বিভাগটোৰ বিষয়াকেইগৰাকীক হোটেল কেইখনৰ স্বত্তাধিকাৰীয়ে দেখুৱাব পৰা নাই অনুজ্ঞাপত্ৰ । ইয়াৰোপৰি দিচাং হোটেলৰ কৰ্মচাৰীসকলে অনুজ্ঞাপত্ৰৰ বিষয়ে একো নাজানে বুলিও মন্তব্য কৰে। যাৰ বাবে এই দুখন হোটেলো ৭ দিনৰ বাবে বন্ধ কৰি দিয়ে খাদ্য সুৰক্ষা বিভাগটোৱে।