নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : জাগৰণ ছবি মহোৎসৱত ৰীমা দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। “বুলবুল কেন ছিং” ছবিখনৰ বাবে লাভ কৰে এই সন্মান। বিগত বৰ্ষত জাগৰণ ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল ৰীমা দাসৰ ” ভিলেজ ৰকষ্টাৰ্ছে ” । ছবি নিৰ্মাতা অৰ্পণা সেনৰ পৰা গ্ৰহণ কৰে বঁটাটো।

উল্লেখযোগ্য যে ২০ ছেপ্তেম্বৰত ৰাজ্যজুৰি মুক্তি লাভ কৰিছিল ৰীমা দাসৰ নতুন অসমীয়া ছবি বুল বুল কেন ছিং । বুল কেন ছিং আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয়খন চলচ্চিত্ৰ।

বুল বুল কেন ছিঙে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি ছবিখনে ৰজত কমল বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল ।

২০১৮ চনৰ টৰেণ্ট’ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই বুল বুল কেন ছিঙে মুক্তি লাভ কৰিছিল। ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হওঁতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।