নিউজ ডেস্ক ১৬ ফেব্ৰুৱাৰী, ২০২৬ : ৰীমা দাসৰ চিনেমা পুনৰ উজলিল বাৰ্লিনেলত। বাৰ্লিনেল ২০২৬ ৰ দৰ্শকভৰ্তি প্ৰেক্ষাগৃহত ভূয়সী প্ৰশংসাৰে ৱৰ্ল্ড প্ৰিমিয়াৰ সম্পন্ন হ’ল যশস্বী চলচিত্ৰ নিৰ্মাতা গৰাকীৰ শেহতীয়া চিনেমা ‘Not a Hero।’ বাৰ্লিনেলৰ ৰেড কাৰ্পেটত জিলিকি উঠা চিনেমাখনৰ জয়যাত্ৰাই গৌৰৱান্বিত কৰিছে অসম তথা ভাৰতৰ চলচিত্ৰপ্ৰেমীক। ইফালে, অহা ৬ মাৰ্চত চিনেমা হলত মুক্তি লাভ কৰিব ৰীমা দাসৰ আন এখন চিনেমা ‘ভিলেজ ৰকষ্টাৰ্ছ ২’য়ে। উল্লেখ্য যে ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ হৈছে ৰীমা দাসৰ বহু প্ৰশংসিত চিনেমা ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ ছিকুৱেল।

বাৰ্লিনেলত প্ৰিমিয়াৰ সন্দৰ্ভত ৰীমা দাসে কয় “Not a Hero ই যুৱচাম দৰ্শকক সন্ধিগ্নতা আৰু আবেগিক সম্পৰ্কৰে চিনেমাখনেৰে একাত্ম কৰিব বুলি আন্তৰিক বিশ্বাস। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে এই সংঘাতৰ সম্পূৰ্ণ সমাধান হৈছে। শিশুসকল প্ৰতীক বা পাঠশিক্ষা নহয়, বৰঞ্চ পূৰ্ণ পৰ্যায়ৰ ব্যক্তি – এই ধাৰণাৰে ‘জেনেৰেছন’ত হোৱা এই প্ৰিমিয়াৰক লৈ মই কৃতজ্ঞ। চিনেমাই উশাহ লৈ থকাৰ বাবে এই মুকলিভাৱ প্ৰয়োজনীয়।” ইয়াৰ উপৰিও ৰীমা দাসে কয়, ‘দলটোৰ সৈতে ৰেড কাৰ্পেটত খোজ কঢ়াটো অধিক বিশেষ আৰু গভীৰ অৰ্থপূৰ্ণ অনুভৱ।’ এইবাৰকে ধৰি ৰীমা দাসে বাৰ্লিনেলত তৃতীয়বাৰলৈ অংশগ্ৰহণ কৰিছে।

‘বুলবুল কেন ছিঙে’ ২০১৯ ত জেনেৰেচন ফৰটিনপ্লাছ’ত বিশেষ উল্লেখ লাভ কৰিছিল আৰু ২০২০ ত তেওঁ একেটা শাখাৰ জুৰী সদস্য হিচাপে সেৱা আগবঢ়াইছিল। চিনেমাখনৰ কাৰ্যবাহী প্ৰযোজক আৰু ডাইৰেক্টৰ অৱ ফটোগ্ৰাফী আদিত্য বাৰ্মাই এই অভিজ্ঞতাক ৰূপান্তৰমূলক বুলি কয়। ‘জেনেৰেছন শাখা’ৰ লগত জড়িত হ’বলৈ পোৱাটো এটা উপলব্ধি। সংবেদনশীল আৰু ভৱিষ্যদৰ্শী দৃষ্টিভংগীৰ ৰীমা দাসৰ অধীনত কাম কৰিবলৈ সুযোগ পোৱাটোৱে মোক মনত পেলাই যে চিনেমাই বিশুদ্ধতাৰ অনুভৱ দিয়ে। দৰ্শকৰ সৈতে চিনেমাখন ইয়াত চোৱাৰ দ্বাৰা কাহিনী কোৱাৰ প্ৰতি মোৰ ভালপোৱা পুনৰুজ্জীৱিত হৈছে।”

অভিনেত্ৰী সুকন্যা বৰুৱাই কয়, “ৰীমা দাসৰ লগত কাম কৰিবলৈ পোৱাটো এটা বিৰল অভিজ্ঞতা। তেওঁ অভিনেতাসকলক সহজ কৰি দি প্ৰয়োজনীয় পৰিৱেশ দিয়ে। দলটোৰ সৈতে বাৰ্লিনেলৰ প্ৰিমিয়াৰত উপস্থিত থাকি বিশেষ অনুভৱ হ’ল। মই গৌৰৱান্বিত আৰু গভীৰভাৱে কৃতজ্ঞ।” সংগীত পৰিচালক পল্লৱ তালুকদাৰে কয় “Not a Hero ত সংগীত নিজেই এটা চৰিত্ৰ।‌ ইয়াৰ বাবে সংযম আৰু আবেগিক সততা লাগিব। এই যুটীয়া কৰ্ম মোৰ হৃদয়ত সদায় অংকিত হৈ ৰ’ব।” উল্লেখ্য যে, Flying River Films -এ প্ৰযোজনা কৰা এই চিনেমাখনত অকাংগা ফিল্ম এছিয়া আৰু ট্ৰেইন ট্ৰিপাৰ ফিল্মছ প্ৰযোজনা সহযোগী হিচাপে আছে। প্ৰিমিয়াৰৰ পূৰ্বে পেৰিছৰ বিপনন কোম্পানী এম এম এম ছেলছ-এ চিনেমাখনৰ বিশ্ব বিপননৰ স্বত্ব ক্ৰয় কৰে।