অনলাইন ডেস্ক সংবাদ ৩৬৫, ছেপ্টেম্বৰঃ ম্যানমাৰৰ সুৰক্ষাবাহিনী আৰু ৰোহিঙীয়া মুছলমানৰ মাজত সংঘটিত হিংসাত্মক ঘটনাই সমগ্ৰ বিশ্বৰ ৰাজনীতি উত্তাল কৰি তুলিছে৷ সংযুক্ত ৰাষ্ট্ৰ মানৱাধিকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা দুটা সপ্তাহত ১.২৩ লাখ ৰোহিঙীয়া মুছলমানে ম্যানমাৰৰ পৰা পলায়ন কৰাৰ লগতে ৪০০ৰো অধিক লোক নিহত হৈছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৬ ছেপ্টেম্বৰত ম্যানমাৰ ভ্ৰমণৰ সময়ত এই সমস্যাৰ শীঘ্ৰে সমাধানৰ মতামত ব্যক্ত কৰে৷ কিন্তু সমগ্ৰ বিশ্বৰ ৰাজনীতি উত্তাল কৰি ৰোহিঙীয়া মুছলমানসকল প্ৰকৃততে কোন আৰু কিহৰ কাৰণে ৰোহিঙীয়া মুছলমানৰ লগত ম্যানমাৰৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছে? ম্যানমাৰৰ ৰাখিন প্ৰান্তত সৰ্বাধিক ৰোহিঙীয়া মুছলমানে বসবাস কৰে আৰু তেওঁলোকৰৰ জনসংখ্যা প্ৰায় ১১ লাখ৷ ৰোহিঙীয়া মুছলামসকলে নিজক আৰৱ আৰু ফৰাছী বণিক শ্ৰেণীৰ বংশধৰ বুলি পৰিচয় দিয়ে৷ তেওঁলোকে ৰোহিঙীয়া ভাষাত কথা পাতে৷ ৰোহিঙীয়া ভাষাৰ বাংলাদেশৰ বাংলা ভাষাৰ লগত যথেষ্ট মিল আছে৷ আনহাতে ম্যানমাৰত বৌদ্ধ ধৰ্মাৱলম্বীলোকৰ সংখ্যা অধিক আৰু তেওঁলোকে ৰোহিঙীয়া মুছলমানসকলক অবৈধ বহিৰাগত গণ্য কৰে৷ ম্যানমাৰ চৰকাৰে ৰোহিঙীয়া মুছলামক বহিৰাগত আখ্যা দি নাগৰিকত্ব দিয়া দিয়া নাই আৰু ৰোহিঙীয়া মুছলমানৰ প্ৰৱেশ, শিক্ষা, মেডিকেল সেৱাকে ধৰি সকলো ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰিছে৷ যাৰ কাৰণে বৌদ্ধ ধৰ্মাৱলম্বী সংগঠন আৰু ৰোহিঙীয়া মুছলমান সংগঠনৰ মাজত কেবাবাৰো হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ শেহতীয়াকৈ ২৫ আগষ্টত ৰোহিঙীয়া মুছলমানৰ সহস্ৰ সংগঠনে সুৰক্ষা বাহিনীৰ ওপৰত কৰা আক্ৰমণৰ পিছত ম্যানমাৰত হিংসাত্মক ঘটনা সংঘটিত হয়৷ ৰোহিঙীয়া মুছলামৰ পৰা জানিব পৰা মতে, সেনাই গাঁৱৰ ভিতৰত সোমাই নিৰিহ জনতাৰ ওপৰত গুলিচালনা কৰে৷ ম্যানমাৰ সেনাৰ ওপৰত কৰা গুলিচালনাত নিহত লোকৰ মৃতদেহ জ্বলাই দিয়াৰো অভিযোগ উঠিছে৷ ২০১৬ৰ অক্টোবৰতো ম্যানমাৰৰ ৰোহিঙীয়া মুছলমান সংগঠনে ৯জন সুৰক্ষা বাহিনীক গুলিয়াই হত্যা কৰিছিল৷ ২০১২ চনতো ৰখিন প্ৰান্তত ৰোহিঙীয়া মুছলমান আৰু বৌদ্ধ সংগঠনৰ মাজত ভয়াবহ হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷ এই ঘটনাত কমেও ৮০ জন লোক নিহত হয় আৰু লক্ষাধিক লোক ম্যানমাৰৰ পৰা পলায়ন কৰে৷ ইয়াৰ পিছত ২০১৫ত ম্যানমাৰৰ পৰা ব্যাপক সংখ্যাক লোকে বাংলাদেশ, ভাৰত, ইন্দোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডলৈ পলায়ন কৰে৷ এই ঘটনাত কমেও শতাধিক লোক নিহত হয়৷ ভাৰত চৰকাৰে এই ৰোহিঙীয়া মুছলমান সকলক স্বদেশলৈ প্ৰেৰণ কৰিছে৷ কিন্তু বৰ্তমান সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰধীন হৈ আছে আৰু ন্যায়ালয়ে ভাৰত চৰকাৰক জবাবদিহি কৰিছে৷