ৰঙিয়া, ২৮ জুনঃ ৰঙিয়াৰ বনগাঁৱত খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰি উত্তেজিত জনতাই ১ নং জলসিঞ্চন আঁচনিৰ কাৰ্যালয়ত তলা ওলোমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে ৭ বছৰ পূৰ্বে নিৰ্মাণ কৰা এই কোটি টকীয়া আঁচনিটোৰ পৰা বৃহত্তৰ অঞ্চলটোৰ খেতিয়কসকলে কৃষি কাৰ্যৰ বাবে বৰ্তমানলৈ পানী পাবলৈ সক্ষম নহ’ল। ফলত খৰাং বতৰত কৃষকসকলে খেতি-পথাৰত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। স্থানীয় লোকৰ অভিযোগ অনুসৰি, অতি নিম্ন মানদণ্ডৰে কাম সম্পন্ন কৰা আঁচনিটো নিৰ্মাণৰ কিছুদিন পিছতে যন্ত্ৰ-পাতিবোৰ বিকল হৈ পৰাৰ লগতে কেনেলটো খহি পৰে৷ কাৰ্যালয়ৰ গৃহটোও জহি-খহি গৈছে । আঁচনিটো নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ বাবে কৃষকে বিভাগীয়ভাৱে ধন খৰছ কৰাৰ পিছতো উপযুক্ত সা-সুবিধা পৰা বঞ্চিত হ’ব লগীয়া হৈছে। আনহাতে, স্থানীয় বিধায়ক ভৱেশ কলিতাই আঁচনিটো দুবাৰকৈ পৰিদৰ্শন কৰি পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈ কোনো বিহিত ব্যৱস্থা গ্ৰহম নকৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে। সেয়ে ক্ষুদ্ধ জনতাই  চিৰদিনৰ বাবে কাৰ্যালয়টোত তলা ওলোমাই দি ক্ষোভ উজাৰে।