ৰঙিয়া, ২৯ জুনঃ ৰঙিয়া ৰেল সংমণ্ডলত ১০০ শতাংশ থলুৱা নিযুক্তিৰ দাবীত ৰঙিয়া ডিআৰএম কাৰ্যালয়ৰ সন্মুখত অগপ আৰু অসম যুৱ পৰিষদৰ শতাধিক কৰ্মীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, ৰাজ্যৰ ৰেল বিভাগত ১০০ শতাংশ থলুৱা নিযুক্তিৰ কাৰণে বিভিন্ন দল-সংগঠনে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও বিভাগটোৱে এই ক্ষেত্রত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ শেহতীয়াভাৱে ৰঙিয়াত ৫১ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াত জাঙুৰ খাই উঠিছে অগপ আৰু ভাতৃ সংগঠন যুৱ পৰিষদ। ইয়াৰে প্ৰতিবাদত অগপ আৰু যুৱ পৰিষদৰ শতাধিক কৰ্মীয়ে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৰেল বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইকো কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে সংমণ্ডলটোত পৰবৰ্তী সময়ত নিযুক্তিৰ ক্ষেত্রত থলুৱাক বঞ্চনা কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি বিভাগটোক সকীয়াই দিয়ে।