গুৱাহাটী, ১৩ জুলাই, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱেই (NF Railway) শনিবাৰে ১২ জুলাই তাৰিখে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰযোৰা মহত্বপূৰ্ণ নিযুক্তি অভিযানৰ এক অংশৰূপে তিনিখন প্ৰধান চহৰ ক্ৰমে গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়ীত সফলতাৰে ৰোজগাৰ মেলাৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰীৰ কৰ্মসংস্থান সৃষ্টিৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি, এই কাৰ্যসমূহে বিভিন্ন চৰকাৰী বিভাগৰ বাবে নৱনিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণৰ দ্বাৰা দেশৰ যুৱকসকলক সৱলীকৰণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
যুৱ সৱলীকৰণ আৰু বৃহৎ পৰিসৰৰ কৰ্ম সৃষ্টিৰ দিশত এক দৃষ্টান্তমূলক পদক্ষেপ ৰূপে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দিনৰ ১১.০০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে সমগ্ৰ দেশৰ নৱনিযুক্ত প্ৰাৰ্থীসকলক ৫১,০০০ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে প্ৰাৰ্থীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে দেশৰ লাখ লাখ যুৱকক স্থায়ী কৰ্মসংস্থাপন উপলব্ধ কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি প্ৰয়াসৰ ওপৰত অৱলোকন কৰে, যিসকলে এতিয়া সক্ৰিয়ভাৱে ৰাষ্ট্ৰৰ উন্নয়নৰ বিভিন্ন খণ্ডসমূহ যেনে-স্বাস্থ্য, প্ৰতিৰক্ষা, শক্তি আৰু আন্তঃগাঁথনি খণ্ডসমূহত, গ্ৰামাঞ্চলৰ পৰা চহৰাঞ্চল পৰ্যন্ত, সক্ৰিয়ভাৱে নিজৰ অৱদান আগবঢ়াই গৈছে।
নৱ নিযুক্ত প্ৰাৰ্থীসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ৰাজহুৱা সেৱাৰ বাবে নিজকে উৎসর্গ কৰাৰ বাবে উৎসাহিত কৰি নিজৰ ভূমিক যিয়েই নহওক লাগে ৰাষ্ট্ৰ আৰু ইয়াৰ নাগৰকিসকলক সেৱা কৰাৰ মূল বিষয়বস্তুৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰে। ভাৰতৰ গণতন্ত্ৰ আৰু জনসংখ্যাৰ অনন্য শক্তিৰ ওপৰত গুৰুত্ব প্ৰদানেৰে তেখেতে যুৱকসকলক দেশৰ সৰ্বশ্ৰেষ্ঠ সম্পদ ৰূপে ব্যাখ্যা কৰে, যাৰ শক্তি আৰু কণ্ঠ বিশ্বজনীনভাৱে সমাদৃত। ইয়াৰ উপৰি তেখেতে কয় যে যিহেতু একবিংশ শতিকাত নিযুক্তিৰ এই প্ৰৱণতা বিকশিত হোৱাৰ সময়তেই নতুন উদ্বাৱন, আত্মনিৰ্ভৰতা আৰু উন্নয়নৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত আমাৰ যুৱকসকলক নেতৃত্ব বহনেৰে ভাৰতে এক বিশ্বস্তৰীয় শক্তি কেন্দ্ৰ ৰূপে প্ৰস্তুত হবলৈ সাজু হৈছে।
ৰোজগাৰ মেলাৰ এই ১৬ তম সংস্কৰণ উত্তৰ পূব সীমান্ত ৰে’লৱে সংমণ্ডলৰ বিভিন্ন স্থানৰ সৈতে ভাৰতৰ ৪৭ টা ঠাইত একে সময়তে আয়োজন কৰা হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক সৰ্বমুঠ ৬২৫ খন নিযুক্তি পত্ৰ প্ৰদান কৰা হয়, যাৰ দ্বাৰা যুৱকসকলৰ বাবে নিযুক্তিৰ সৃষ্টি, ত্বৰান্বিত নিয়োজন আৰু যথাৰ্থতে জীৱিকাৰ সুৱিধাৰ দিশত চৰকাৰৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। গুৱাহাটীত মালিগাঁওস্থিত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ ৰংভৱন প্ৰেক্ষাগৃহত বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, লোকসভা সাংসদ বিজুলী কলিতা মেধিৰ গৌৰৱময় উপস্থিতিত তথা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ ও ৰে’লৱে বিষয়াবৰ্গৰ উপস্থিতিত এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়।
উপস্থিত এই ব্যক্তিসকলে নৱ নিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে উপস্থিত সমবেত ব্যক্তিসকলক সম্বোধন কৰে আৰু তেওঁলোকক অভিনন্দন জনোৱাৰ লগতে ৰাষ্ট্ৰৰ বিকাশত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ হকে উৎসাহিত কৰে। ডিমাপুৰত ৰোজগাৰ মেলা টাউন হলত আয়োজন কৰা হয়, য’ত সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘূ পৰিক্ৰমা বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী য়ানথুংগু প্যাটনৰ সৈতে অন্যান্য গণ্যমান্য ব্যক্তিসকল এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে। শিলিগুড়ীত এই কাৰ্যসূচী ঘাইপথ আৰু পথ পৰিবহন বিভাগৰ ৰাজ্যমন্ত্ৰী অজয় তামতাৰ উপস্থিতিত নিউ জলপাইগুড়ীস্থিত কাশ্মীৰ কলোনীৰ ভিআইপি অফিচাৰ্ছ ৰেষ্ট হাউছত আয়োজন কৰা হয়, তেখেতে নৱ নিযুক্ত প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁলোকৰ এই নতুন যাত্ৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰে।
এই নিযুক্তিসমূহে ৰে’ল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ডাক বিভাগ, বিত্তীয় সেৱা বিভাগ আৰু শ্ৰম আৰু জীৱিকা বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহৰ এক বিস্তৃত পৰিসৰ সামৰি লয়। এই ৰোজগাৰ মেলাৰ পদক্ষেপে চৰকাৰী সেৱাত এক সুৰক্ষিত আৰু গুৰুত্বপূৰ্ণ জীৱিকাৰ সৈতে দেশৰ যুৱকসকলক সংযুক্ত কৰি ৰখাৰ বাবে এক গুৰুত্বপূর্ণ মঞ্চ হিচাপে কাম কৰি আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই এনেধৰণৰ নিযুক্তি পৰিচালিত পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰৰ বিকাশত সহায় কৰাৰ অৰ্থে ইয়াৰ প্ৰতিশ্ৰুতিৰ দিশত সদায়েই প্ৰতিজ্ঞাবদ্ধ হৈ থাকিব।