নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) প্ৰকৃত যাত্ৰীসকলৰ বাবে সংৰক্ষিত টিকটৰ উপলব্ধতা সুবিধাসমূহ নিশ্চিত কৰিবলৈ দালালী গতিবিধিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। তিনিটা পৃথক পৃথক অভিযানত, ৰে’লৱে সুৰক্ষা বাহিনীয়ে তিনিজন দালালক আটক কৰি এক লাখ টকাৰো অধিক মূল্যৰ মুঠ ৪৪ খন পিআৰএছ টিকট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

যোৱা ২ ছেপ্টেম্বৰ তাৰিখে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত, নিউ জলপাইগুড়ীৰ চিআইবি আৰু আৰপিএফ পোষ্টৰ যুটিয়া টীমে পশ্চিম বংগৰ জলপাইগুড়ীৰ মাজৱালীতস্থিত ‘সীতাৰাম অনলাইন সেৱা’ নামৰ এখন দোকানত অভিযান চলায়। অভিযানৰ সময়ত এজন দালালক আটক কৰা হয় আৰু ৮৩০ টকা মূল্যৰ ২ খন পিআৰএছ টিকট উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত ৪ ছেপ্টেম্বৰ তাৰিখে ৰে’লৱে আইনৰ ১৪৩ নং ধাৰাত এক গোচৰ নং. ১০৭০/২০২৫ ৰুজু কৰা হয়। ৰে’লৱে আইনৰ ১৪৩ নং ধাৰাত  ৰে’ল আইনৰ দ্বিতীয়টো ঘটনাত, ৩ ছেপ্টেম্বৰ তাৰিখে, লামডিঙৰ চিআইবিৰ এটা টীমে ৰে’লৱে সুৰক্ষা বাহিনীৰ নেতৃত্বত পিআৰএছ ডিমাপুৰত এজন দালালক আটক কৰে।

অভিযানৰ সময়ত ৩,৪৬৫ টকা মূল্যৰ ২ খন পিআৰএছ টিকট উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত ৩ ছেপ্টেম্বৰ তাৰিখে ৰে’লৱে আইনৰ ১৪৩ ধাৰাৰ অধীনত এক গোচৰ নং. ২৭৮/২০২৫ ৰুজু কৰা হয়। ৪ ছেপ্টেম্বৰ তাৰিখে, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত, ডালখোলাৰ আৰপিএফ পোষ্টৰ এটা টীমে পিআৰএছ কানকিত এজন দালালক আটক কৰে। অভিযানৰ সময়ত ১১,৮৮৯.০১ টকা মূল্যৰ ৭ খন পিআৰএছ টিকট আৰু ৯০,৮১৯.৪৬ টকা মূল্যৰ ৩৩ খন পুৰণি পিআৰএছ টিকট (মুঠ ৪০ খন পিআৰএছ টিকট, মূল্য ১,০২,৭০৮.৪৭ টকা) উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত ৪ ছেপ্টেম্বৰ তাৰিখে ৰে’লৱে আইনৰ ১৪৩ ধাৰাৰ অধীনত এক গোচৰ নং ২০৭/২০২৫ ৰুজু কৰা হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে দালালৰ সমস্যাৰ পৰা নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰকৃত যাত্ৰীসকলৰ বাবে সংৰক্ষিত টিকটৰ সঠিক সুবিধা নিশ্চিক কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। এই সন্দৰ্ভত নিয়মীয়া অভিযান আৰু তালাচী অব্যাহত থাকিব।