নিউজ ডেস্ক, ২৫ জুলাই, ২০২৫ : মানৱ সৰবৰাহ বিৰোধী যুঁজত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ)। ২২ জুলাইৰ নিশা নিউ জলপাইগুড়ী ৰে’লৱে ষ্টেচনত নিউ জলপাইগুড়ী-পাটনা কেপিটেল এক্সপ্ৰেছৰ পৰা ৫৬ গৰাকী যুৱতীক উদ্ধাৰ কৰাৰ লগতে দুজন সন্দেহজনক মানৱ সৰবৰাহকাৰীক আটক কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে।
১৮ ৰ পৰা ৩১ বছৰ বয়সৰ ভিতৰৰ এই যুৱতীসকল পশ্চিম বংগৰ জলপাইগুড়ী, কোচবিহাৰ আৰু আলিপুৰদুৱাৰ জিলাৰ বাসিন্দা। জানিব পৰা মতে, যুৱতীসকলক বেংগালুৰুৰ এটা কোম্পানীত চাকৰি দিয়াৰ মিছা প্ৰতিশ্ৰুতিৰে বিহাৰলৈ লৈ যোৱাৰ চেষ্টা চলাইছিল মানৱ সৰবৰাহকাৰীয়ে। নিয়মীয়া অনুসন্ধানৰ সময়ত ৰে’লৱে সুৰক্ষা বাহিনীৰ সতৰ্ক জোৱানসকলে লক্ষ্য কৰে যে এক বৃহৎ সংখ্যক যুৱতী একেলগে বিনা টিকটে ভ্ৰমণ কৰিছে। ইয়াৰ পৰিৱৰ্তে ডবা আৰু বাৰ্থৰ নম্বৰ তেওঁলোকৰ হাতত মোহৰ মাৰি দিয়া হৈছিল, যি পদ্ধতি প্ৰায়েই অবৈধ মানৱ সৰবৰাহ নেটৱৰ্কৰ সৈতে জড়িত হৈ থাকে।
সোধা-পোছা কৰাৰ সময়ত, দুজন এছকৰ্ট-এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাই পৰস্পৰ বিৰোধী বক্তব্য প্ৰকাশ কৰে আৰু ভ্ৰমণৰ উদ্দেশ্য বা চাকৰিৰ প্ৰস্তাৱ সম্পৰ্কিত বৈধ নথি পত্ৰ প্ৰদান কৰিব নোৱাৰিলে। দুয়োজন সন্দেহজনক ব্যক্তিক আৰপিএফে লগে লগেই নিজৰ জিম্মাত লয় আৰু চৰকাৰী ৰে’লৱে আৰক্ষীৰ হাতত অৰ্পন কৰে। বৰ্তমানে জিআৰপি আৰু আৰপিএফৰ যুটিয়া অনুসন্ধান চলি আছে, য’ত অঞ্চলটোৰ সম্ভাৱনীয় অবৈধ মানৱ সৰবৰাহকাৰীৰ নেটৱৰ্ক উদঘাটনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
উদ্ধাৰ কৰা সকলো যুৱতীক তাৎক্ষণিক সাহাৰ্য প্ৰদান কৰা হয় আৰু পিছত যুৱতীসকল সুৰক্ষিতভাৱে পৰিয়ালৰ সৈতে পুনৰ মিলিত হয়। ইয়াৰ উপৰিও, জানুৱাৰীৰ পৰা ২২ জুলাই, ২০২৫ লৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে একাধিক অভিযানৰ সময়ত ছয়গৰাকী নাবালক ল’ৰাৰ সৈতে ৫৬ গৰাকী মহিলাক উদ্ধাৰ কৰি চাৰিজন অবৈধ মানৱ সৰবৰাহকাৰীক আটক কৰিছে, যি ৰে’লৱে নেটৱৰ্কত অসহায় যাত্ৰীৰ সুৰক্ষা প্ৰদান আৰু অবৈধ মানৱ সৰবৰাহৰ গতিবিধি ৰোধ কৰাৰ দিশত ৰে’লৱে সুৰক্ষা বাহিনীৰ দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী সতৰ্ক হৈ থকাৰ লগতে ৰে’লযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা, বিশেষকৈ এই ৰে’লৱে জ’নৰ মহিলা যাত্ৰী আৰু শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ দিশত নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।