নিউজ ডেস্ক, ২২ আগষ্ট, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (North East Frontier Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে যত্নৰ প্ৰয়োজন হোৱা শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশত অবিৰতভাৱে সমৰ্পিত প্ৰচেষ্টা চলাই আহিছে। চলিত বছৰৰ জানুৱাৰীৰ পৰা জুলাই পৰ্যন্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে পলায়ন কৰা ৭৩৮ গৰাকী শিশুক উদ্ধাৰ কৰাৰ লগতে মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ৮৯ গৰাকী শিশু তথা মহিলাক উদ্ধাৰ কৰে। ইয়াৰ লগতে ৯ গৰাকী মানৱ সৰবৰাহকাৰীক আটক কৰে।
উদ্ধাৰ কৰা শিশু আৰু মহিলাসকলক সংশ্লিষ্ট চাইল্ড লাইন/এন জি ও, অভিভাৱক আৰু জিআৰপি/পুলিচৰ হাতত অৰ্পন কৰা হয়। ১৬ আৰু ১৯ আগষ্ট, ২০২৫ ৰ ভিতৰত চলোৱা এক ধাৰাবাহিক অভিযানৰ সময়ছোৱাত, ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানে তেওঁলোকৰ অধিক্ষেত্ৰৰ অন্তৰ্গত বিভিন্ন ৰে’ল আৰু ষ্টেচনৰ পৰা পলায়ন কৰা ১৬ গৰাকী নাবালকক উদ্ধাৰ কৰি যথাযথ প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকৰ সুৰক্ষিত জিম্মা নিশ্চিত কৰে।
১৬ আগষ্টত, ১২৩৪৬ ডাউন ৰে’লৰ পহৰাদাৰী ডিউটিৰ সময়ত মালিগাঁৱৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ কৰ্মীসকলে দুগৰাকী পলাই যোৱা নাবালক শিশুক উদ্ধাৰ কৰে। তেওঁলোকক পিছত ক্ৰমে বঙাইগাঁও আৰু চিৰাঙৰ চাইল্ড লাইনৰ হাতত গতাই দিয়া হয়। একেদিনাই, ডিব্ৰুগড়ৰ আৰপিএফ পোষ্টে এগৰাকী নাবালক শিশুক উদ্ধাৰ কৰি ডিব্ৰুগড়ৰ চাইল্ড লাইনৰ হাতত গতাই দিয়ে। আনহাতে ১৭ আগষ্ট তাৰিখে, ডিমাপুৰৰ আৰপিএফ পোষ্টে এগৰাকী নাবালক শিশুক উদ্ধাৰ কৰি ডিমাপুৰৰ চাইল্ড লাইনৰ জৰিয়তে তেওঁৰ সুৰক্ষিত জিম্মা নিশ্চিত কৰে।
১৮ আগষ্ট তাৰিখে, কাটিহাৰ, পূৰ্ণিয়া, কোকৰাঝাৰ আৰু আলিপুৰদুৱাৰত একাধিক উদ্ধাৰ অভিযান চলোৱা হয়, য’ত পলায়ন কৰা ৫ গৰাকী নাবালকক শিশুক ষ্টেচন পৰিসৰ আৰু ৰে’লৰ পৰা উদ্ধাৰ কৰি সঠিক পৰিচয়ৰ পিছত সংশ্লিষ্ট চাইল্ড লাইন অথবা অভিভাৱকৰ হাতত গতাই দিয়া হয়। ইয়াৰ উপৰিও, ১৯ আগষ্টত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে গুৱাহাটী, কামাখ্যা, ডিব্ৰুগড়, জালালগড় আৰু আলিপুৰদুৱাৰ ৰে’লৱে ষ্টেচনৰ পৰা ৭ গৰাকী নাবালকক উদ্ধাৰ কৰি সংশ্লিষ্ট চাইল্ড লাইন অথবা অভিভাৱকৰ হাতত সঠিক পৰিচয়ৰ পিছত গতাই দিয়ে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে সাহাৰ্য আৰু তত্বাৱধানৰ প্ৰয়োজন হোৱা শিশুৰ সুৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ হৈ আছে। যাত্ৰীসকলক সতৰ্ক হৈ থাকিবলৈ আৰু কোনো অৱহেলিত বা সন্দেহজনক শিশুৰ বিষয়ে ৰে’লৱে সুৰক্ষা বাহিনীৰ হেল্পলাইন নম্বৰ ১৩৯ ত অৱগত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।