গুৱাহাটী, ২৫ মাৰ্চ, ২০২৫ : চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (Indian Premium League) প্ৰতিটো দিনতে নতুন নতুন অপ্ৰত্যাশিত অথচ গৌৰৱৰ অভিলেখত নাম সন্নিবিষ্ট হৈছে অসমৰ৷ ক্ৰমাগত তৃতীয়টো বৰ্ষৰ বাবে অসমত অনুষ্ঠিত হ’বলগা আই পি এল মেচৰ ৰোমাঞ্চ আৰু উত্তেজনাৰ কাউণ্ট ডাউন চলি থকাৰ সময়তে সোমবাৰে আৰু এটা অভিলেখ সৃষ্টি হ’ল৷ অহা ৩০ মাৰ্চত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখনৰ সকলো টিকট সোমবাৰে বিক্ৰী হোৱা বুলি অবগত কৰিছে ৰয়েলছৰ টিকেটিং পাৰ্টনাৰ বুক মাই শ্ব’য়ে৷

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ কোনো ক্ৰিকেট মেচৰ সকলো টিকট বিক্ৰী হোৱাৰ ঘটনা এইবাৰ আৰ আৰ বনাম চি এছ কে মেচত সংঘটিত হ’ল৷ ইয়াৰপূৰ্বে গুৱাহাটীত আই পি এল, আন্তৰ্জাতিক টি-২০ তথা এদিনীয়া মেচ অনুষ্ঠিত হৈছিল যদিও কোনো এখন খেলতে ছ’ল্ডআউট সফলতা দৰ্শকৰ পৰা পোৱা হোৱা নাছিল৷ কিন্তু সোমবাৰে ৰাজস্থান ৰয়েলছ দল গুৱাহাটীত ভৰি থোৱাৰ লগে লগে তথা আই পি এলৰ ক্ৰিকেট যুদ্ধ আৰম্ভ হ’বলৈ ৪৮ ঘণ্টা বাকী থকাত বুকমাই শ্ব’য়ে অহা ৩০ মাৰ্চত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখনৰ সকলো টিকট বিক্ৰী হোৱা বুলি আনুষ্ঠানিকভাবে অবগত কৰিছে৷

এতিয়া আই পি এল উপভোগ কৰিব বিচৰা অসম তথা উত্তৰ পূবৰ ৰাইজে অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰহে টিকট ল’ব লাগিব৷ এই মেচৰ কিছু টিকট অনলাইনত থকা বিষয়ে অৱগত কৰিছে বুকমাই শ্ব’য়ে৷ উল্লেখ্য যে ‘এক দল, এক ভাষা৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ শ্ল’গানৰে চলিত আই পি এলৰ প্ৰথম দুখন ঘৰুৱা মেচে গুৱাহাটীত খেলিবলৈ আহিছে ৰাজস্থান ৰয়েলছে৷ স্বাভৱিকতে এয়া অসমৰ বাবে এক অভিলেখ৷ কোনো আই পি এল দলে নিজৰ প্ৰথম ঘৰুৱা মেচে গুৱাহাটীত খেলি অসমক গৌৰৱৰ অধিকাৰী কৰিছে৷

ইফালে, এইবাৰ ৰাজস্থান ৰয়েলছ দলক ছিজনৰ আৰম্ভনিত নেতৃত্ব দিছে অসম সন্তান ৰিয়ান পৰাগে৷ ৰয়েলছ দলে ছিজনৰ প্ৰথম সপ্তাহটো সঞ্জু ছেমছনক নেতৃত্বৰ পৰা আঁতৰাই ৰাখি ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য অসম সন্তান ৰিয়ানৰ ওপৰত আস্থা ৰাখি অধিনায়কৰ সন্মানীয় লগতে গধুৰ দায়িত্ব অৰ্পন কৰিছে৷ গুৱাহাটীত হ’বলগা দুয়োখন মেচতে ৰাজস্থান ৰয়েলছ দলে অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানৰ নেতৃত্বতে খেলিব৷ স্বাভাৱিকতে এয়া অসম আৰু অসমীয়াৰ বাবে চিৰস্মৰণীয় গৌৰৱ লগতে সোণালী ইতিহাসৰ জাকতজিলিকা এক নতুন অধ্যায়৷