গুৱাহাটী , ৭ নবেম্বৰ, ২০২৩ : আগন্তুক অষ্টম আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি আয়ুৰ্বেদৰ চহকী ঐতিহ্য আৰু জীৱনৰ মানদণ্ড উন্নীত কৰাৰ ক্ষেত্ৰত এই চিকিৎসাৰ প্ৰতি গণ সজাগতা সৃষ্টি তথা আয়ুৰ্বেদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দৃষ্টিভংগীৰে কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (CARI), গুৱাহাটীৰ উদ্যোগত মঙলবাৰে ‘ৰাণ ফৰ আয়ুৰ্বেদ’ (Run For Ayurveda) কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই পুৱা ফ্লেগ অফ কৰা এই কাৰ্যসূচীত ১৫০ তকৈ অধিক লোকে অংশগ্ৰহণ কৰে।

বৰসজাইস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী প্ৰতিষ্ঠান চৌহদৰ পৰা আৰম্ভ হোৱা এই দৌৰ মহৰ্ষি বিদ্যা মন্দিৰ হৈ লালমাটি অভিমুখে গৈ পুনৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান চৌহদতে সামৰণি পৰে। গৱেষণা প্ৰতিষ্ঠানটোৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডাঃ দীনেশ বৰুৱাই উক্ত গণ সজাগতামূলক দৌৰৰ নেতৃত্ব দিয়া এলভিছ আলী হাজৰিকাক সহযোগ কৰে উল্লেখনীয় যে, আয়ুৰ্বেদ দিৱসক কেন্দ্ৰ কৰি বিগত প্ৰায় এমাহ ধৰি বিভিন্ন কাৰ্যসূচী যেনে বাইক ৰেলী, শিক্ষামূলক ভ্ৰমণ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগীতা, চিত্ৰাংকণ প্ৰতিযোগীতা, তৰ্ক প্ৰতিযোগীতা, তদুপৰি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ গ্ৰাম্যাঞ্চল সমূহত স্বাস্থ্য শিবিৰ, সজাগতামূলক বক্তৃতা, বাটৰ নাট ইত্যাদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আয়ুৰ্বেদ দিৱস উদযাপনৰ প্ৰয়াস কৰা হৈছে।

এই উপলক্ষত ভাষণ প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰা প্ৰখ্যাত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই কয়, “ভাৰতবৰ্ষত যুগ যুগান্তৰৰ পৰা চলি অহা পৰম্পৰাগত ঔষধ যেনে আয়ুৰ্বেদ, যোগ, ইউনানি, চোৱা-ৰিগপা, হোমিঅ’পেথি অথবা নেচাৰোপেথী ইত্যাদিৰ জৰিয়তে মানুহৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এক চহকী ঐতিহ্য আছে। হাজাৰ হাজাৰ বছৰৰ প্ৰমাণিত আয়ুৰ্বেদ চিকিৎসা প্ৰতিজন ভাৰতীয়ৰ বাবে এক উদযাপনৰ কাৰণ ই মানৱ জাতিক সুস্থ-সবল হৈ জীৱনৰ মান সমৃদ্ধ কৰাত এক অমৃত প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ নিৰ্দেশনাত আয়োজিত মঙলৰৰ এই ‘ৰাণ ফৰ আয়ুৰ্বেদ’ অনুষ্ঠানত যোগদান কৰিবলৈ পাই মই অতিকৈ আনন্দিত হৈছো আৰু আশা ৰাখিছো যাতে এই কাৰ্যসূচীয়ে আমাৰ চহকী ভাৰতীয় সভ্যতাৰ এই ঐশ্চৰ্য্যক আকোৱালি ল’বলৈ সমাজত এক বাৰ্তা প্ৰেৰণ কৰিব।”

অনুষ্ঠানত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডাঃ দীনেশ বৰুৱাই কয় যে, “ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু আয়ুষৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাত ১০ নৱেম্বৰ, ২০২৩ তাৰিখে অষ্টম আয়ুৰ্বেদ দিৱস উদযাপনৰ বাবে একাধিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ‘ৰাণ ফৰ আয়ুৰ্বেদ’ হৈছে আয়ুৰ্বেদৰ চহকী ৰোগ নিৰাময় গুণ আৰু ৰোগৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ইয়াৰ কাৰ্যকাৰিতা সম্পৰ্কে গণ সজাগতা সৃষ্টিৰ এক প্ৰয়াস।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাক সন্মান জনোৱাৰ বাবে প্ৰতিষ্ঠানৰ সকলো বিষয়া-কৰ্মচাৰীৰ হৈ এলভিছ আলী হাজৰিকাক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। সাঁতোৰৰ ক্ষেত্ৰখনত আমাক গৌৰৱান্বিত কৰাৰ লগতে নৱ প্ৰজন্মই অনুকৰণ কৰিব পৰাকৈ এক ইতিবাচক আদৰ্শ গঢ়ি তোলা আপোনাৰ এই অসাধাৰণ প্ৰচেষ্টাৰ বাবেও অশেষ ধন্যবাদ।”