নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ জুলাই : ‘হল অব ফেম’ত অন্তৰ্ভুক্ত হ’ল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। আই চি চিয়ে অন্তৰ্ভুক্ত কৰিছে শচীন তেণ্ডুলকাৰক ।

‘হল অব ফেম’ সন্মান অৱসৰ লোৱাৰ ৫ বছৰৰ পাছত দিয়া হয়। আই চি চিৰ গাইডলাইন অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৫ বছৰ সম্পূৰ্ণ হোৱা খেলুৱৈয়ে এই সন্মান লাভ কৰে। শচীন তেণ্ডুলকাৰৰ পূৰ্বে ভাৰতৰ বিষেণ সিং বেদী, কপিল দেৱ, সুনীল গাভাস্কাৰ, অনিল কুম্বলে আৰু ৰাহুল দ্ৰাবিড়ে এই সন্মান লাভ কৰিছিল ।

লণ্ডনত অনুষ্ঠিত এক সমাৰোহত শচীন তেণ্ডুলকাৰৰ উপৰি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ এলেন ড’নাল্ড আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহিলা বলাৰ কেথৰিনক এই সন্মান প্ৰদান কৰা হয়।

উল্লেখ্য যে শচীন তেণ্ডুলকাৰে অন্তিমখন টেষ্ট খেলিছিল ২০১৩ চনৰ নৱেম্বৰত।