বিশিষ্ট কবি সন্মানেৰে সন্মানিত ৰাম কুমাৰ বৰুৱা

ডুমডুমা, ২৮ জুনঃ সদৌ অসম চাহু বৈশ্য সন্মিলনীয়ে বিশিষ্ট কবি-লেখক ৰাম কুমাৰ বৰুৱাক চলিত বৰ্ষৰ বিশিষ্ট কবিৰ সন্মানেৰে সন্মানিত কৰে৷ চাহু বৈশ্য সন্মিলনীৰ ডুমডুমাত আয়োজিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ৰাম কুমাৰ বৰুৱাক এই সন্মানেৰে সন্মানিত কৰা হয়৷ অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে বৰুৱাক এখন গামোচা আৰু মানপত্ৰ প্ৰদানেৰে সন্মানিত কৰা হয়৷ অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত চাহু বৈশ্য সন্মিলনীৰ সংবিধানখনৰ সংশোধন কৰা হয়৷ সন্মিলনীয়ে চৰকাৰক চাহু বৈশ্য সন্মিলনীৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ অৰ্থে মাটিৰ আৱন্টন দিয়াৰ কাৰণে দাবী উত্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাত সন্মিলনীৰ উপ সভাপতি পূৰ্ণকান্ত চাহু, সম্পাদক দামোদৰ চাহু, সহকাৰী সম্পাদক তিলক চাহু আৰু সাংস্কৃতিক সম্পাদক অৰুণ চাহুৱে চাহু বৈশ্য সন্মিলনীৰ বিভিন্ন বিষয়ক বক্তব্য দিয়ে৷ সভাখনত সভাপতিত্ব কৰে ৰাম কুমাৰ বৰুৱাই৷