গুৱাহাটী, ২৮ মাৰ্চ, ২০২৫ : ‘অসম ক্ৰিকেটৰ উত্তৰণ দেখি মই অভিভুত৷ মই অসমৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিলো৷ সেয়ে ১৫ বছৰ পূৰ্বৰ অসমৰ ক্ৰিকেটৰ পৰিৱেশটোৰ বিষয়ে মই ভালদৰে জানো৷ কিন্তু এতিয়া অসমৰ ক্ৰিকেট উত্তৰণৰ পথৰে সম্পূৰ্ণৰূপে সলনি হৈ গৈছে৷ ৰিয়ানৰ দৰে প্ৰতিভাবান ক্ৰিকেটাৰে ভাৰতীয় দলৰ হৈ খেলাৰ লগতে আই পি এলত (IPL) আমাৰে দলটোক (আৰ আৰ) নেতৃত্ব দিছে৷ অসমৰ ক্ৰিকেট ষ্টেডিয়াম দেশৰে নহয় বিশ্বৰ অন্যতম অত্যাধুনিক সা-সুবিধা থকা ষ্টেডিয়াম৷ আনহাতে, ভাৰতীয় ক্ৰিকেট পৰিচালনা কৰা বি চি চি আইৰো সচিব অসমৰে প্ৰাক্তন ক্ৰিকেটাৰ দেৱজিত শইকীয়া৷ প্ৰতিভাৰ চমক, সুদক্ষ প্ৰশাসক তথা অনবদ্য আন্তঃগাঠনিৰে অসমে ভাৰতীয় ক্ৰিকেটৰ গতিশীল ধাৰাটো লৈ যোৱাত অৰিহনা যোগাইছে সেয়া অনন্য আৰু মই এই উত্তৰণক লৈ অভিভুত৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ বলিং প্ৰশিক্ষক তথা প্ৰাক্তন ভাৰতীয় দলৰ সদস্য ছৈৰাজ বহুতুলেৰ৷
বুধবাৰে গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত কে কে আৰ দলৰ বিৰুদ্ধে ছিজনৰ প্ৰথমখন ঘৰুৱা মেচত অংশ লোৱাৰ পাছত সংবাদমেলত এই কথা প্ৰকাশ কৰে ছৈৰাজ বহুতুলে৷ উল্লেখ্য যে যিসময়ত অসম ক্ৰিকেট সন্থাই বাহিৰা ক্ৰিকেটাৰৰ ওপৰত নিৰ্ভৰ হৈ আছিল সেইসময়তে ২০০৯-১০ ছিজনত অসমৰ হৈ মুম্বাইৰ সতীৰ্থ অমল মজুমদাৰৰ নেতৃত্বত ছৈৰাজ বহুতুলে ৰঞ্জী ট্ৰফী খেলিছিল৷ ৰিয়ানক প্ৰশংসা কৰি ছৈৰাজ বহুতুলে কয় ‘যোৱা তিনিবছৰ ৰিয়ানে যি ধাৰাবাহিকতা ৰক্ষা কৰি ঘৰুৱা ক্ৰিকেটত প্ৰদৰ্শন কৰিছে সেয়াই তেওঁৰ দক্ষতা-প্ৰতিভাক পৃথক মাত্ৰা দিছে৷ তদুপৰি আই পি এলৰ যোৱা ছিজনৰ অনবদ্য প্ৰদৰ্শনৰ বাবেই ৰিয়ানে ভাৰতীয় দলটো স্থান লাভ কৰিছে৷ ৰিয়ানে নিজক বেটিং আৰু বলিঙত অধিক সক্ষম কৰি ভাৰতীয় দলৰ এজন সুদক্ষ অলৰাউণ্ডাৰ হ’ব বুলি মই বিশ্বাস কৰো৷’
আৰ আৰৰ বলিং প্ৰশিক্ষকজনে গুৱাহাটীৰ প্ৰথম মেচৰ পৰাজয়ৰ কাৰণ বেটিঙত ২০-৩০ ৰাণ কম কৰাটো বুলিয়ে ব্যক্ত কৰে৷ ইফালে, প্ৰথম দুয়োখন মেচত দলৰ বলিং বিভাগৰ দুৰ্বলতাৰ কথা ছৈৰাজ বহুতুলে স্বীকাৰ কৰিলেও প্ৰতিজন বলাৰে দক্ষ বুলি কোৱাৰ লগতে সফল প্ৰত্যাৱৰ্তন কৰিব বুলিও তেওঁ দৃঢ় বিশ্বাসী৷ ‘আমাৰ দলটো নৱাগত ক্ৰিকেটাৰৰে গঠিত৷ অধিনায়কো নতুন৷ সেয়ে সংগঠিত হ’বলৈ সময় লাগিব৷ এয়া ছিজনৰ আৰম্ভনিহে৷’ ছৈৰাজ বহুতুলে লগতে কয়৷ ৰয়েলছে অহা দেওবাৰে গুৱাহাটীত চি এছ কেৰ বিৰুদ্ধে খেলিব৷ প্ৰথমখন মেচৰ দৰেই এইখন মেচত চাপ-উত্তেজনা-ৰোমাঞ্চৰ সমাহাৰ ঘটিব৷ এই মেচতে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ দৰ্শকে ড্ৰ’ন শ্ব’ উপভোগ কৰাৰ সুযোগ পাব৷ মেচৰ পূৰ্বে হ’বলগা ড্ৰ’ন শ্ব’ই গুৱাহাটীৰ আকাশ পোহৰাই তুলিব৷ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰে ছিনক্ৰ’নাইজড এৰিয়েল কোৰিঅ’গ্ৰাফীৰ এক আকৰ্ষনীয় প্ৰদৰ্শনেৰে বৰ্ষাপাৰৰ খেলপথাৰত ৰূপ-ৰঙৰ কৌশলী খেলা আৰু আলোক মায়াত ডুব যাব৷
ৰয়েলছৰ ক্ৰিকেট উৎসৱ এইবাৰ উত্তৰ-পূবত পালনৰ অংগিকাৰৰ প্ৰতীক হিচাপে এয়া পৰিগণিত হ’ব৷ ইফালে, বছৰ বছৰ ধৰি ৰয়েলছৰ যাত্ৰা আৰু মহিলা নেতৃত্ব ৰূপান্তৰক সমৰ্থন কৰাৰ প্ৰচেষ্টাও ড্ৰ’ন শ্ব’ত প্ৰদৰ্শন কৰা হ’ব আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন আৰু পাঁচবাৰৰ খিতাপ বিজয়ী চি এছ কেৰ মাজৰ হাইভল্টেজ মেচখনত৷ আই পি এলৰ এক মহাকাব্যিক সমাহাৰ ঘটিব ছুপাৰ ছান ড’ৰ নৈশ মেচখনত৷