নিউজ ডেস্ক, ১৮ ডিচেম্বৰ, ২০২৪ : অহা ২০২৫ চনৰ ১৩ ৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া খো খো বিশ্বকাপৰ (Kho Kho World Cup) উদ্বোধনী সংস্কৰণৰ প্ৰচাৰৰ বাবে ভাৰতীয় ছুপাৰষ্টাৰ ছলমান খানক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতীয় খো খো ফেডাৰেচনে৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত চলি থকা ভাৰতীয় দলৰ প্ৰশিক্ষণ শিবিৰত বুধবাৰে হোৱা এক সংবাদ মেলত এই ঘোষণা কৰে কেকেএফআইৰ সভাপতি সুধাংশু মিট্টালে৷ সাংবাদমেলত উপস্থিত থাকে খো-খো ফেডাৰেছনৰ সাধাৰণ সম্পাদক এম এছ ত্যাগীৰ লগতে ভাৰতীয় পুৰুষ আৰু মহিলাৰ দল দুটাৰ খেলুৱৈ আৰু প্ৰশিক্ষকসকল৷

ভিডিঅ’ বাৰ্তা দি ছলমান খানে, প্ৰথমবাৰৰ বাবে দেশত অনুষ্ঠিত হোৱা খো খো বিশ্বকাপক লৈ উৎসাহ প্ৰকাশ কৰি এই ক্ৰীড়াৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্কৰ কথা স্মৰণ কৰে৷ বলিউদৰ মেগা ষ্টাৰগৰাকীয়ে দেশৰ ৰাজধানীত বিশ্বকাপ আয়োজনৰ পদক্ষেপক প্ৰশংসা কৰি কয় যে এই ক্ৰীড়া সমগ্ৰ বিশ্বতে বিয়পি পৰা দেখি তেওঁ ৰোমাঞ্চিত হৈ পৰিছে৷ ‘প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা খো খো বিশ্বকাপৰ সৈতে জড়িত হ’ব পাৰি মই গৌৰৱ অনুভৱ কৰিছো৷ এয়া কেৱল প্ৰতিযোগিতা নহয় ই ভাৰতৰ মাটি, আত্মা আৰু শক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি৷ আমি সকলোৱে খো খোৰ লগত এটা সুন্দৰ সময় পাৰ কৰিছো৷ মই নিজেও এই খেল খেলিছো৷ এই এক নতুন যাত্ৰাত খেলবিধক লৈ যোৱাত সহযোগ কৰিম৷ খো খো ননষ্টপ একচন আৰু অদম্য মনোভাৱৰ খেল যিয়ে ইতিমধ্যে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ আহক আমি একত্ৰিত হৈ বিশ্বৰ মঞ্চত খো খোৰ আত্মাক উদযাপন কৰোঁ৷’ এটা ভিডিঅ’ বাৰ্তাযোগে এইদৰে কয় ছলমান খানে৷

উল্লেখ্য যে আসন্ন খো খো বিশ্বকাপত ২১ টা পুৰুষ আৰু ২০ টা মহিলা দলে সপ্তাহজোৰা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব৷ বিশ্বকাপত অংশ লোৱাৰ বাবে ভাৰতলৈ আহিব ২৪ খন ৰাষ্ট্ৰৰ পুৰুষ-মহিলাৰ দল৷ এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে এই ক্ৰীড়াৰ ৰোমাঞ্চ অনুভৱ কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে৷ কেকেএফআইয়ে সকলো খেলুৱৈৰ বাবে সমান সুযোগ প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিছে আৰু সেয়েহে পুৰুষ আৰু মহিলা উভয়ৰে বাবে সমান মঞ্চ স্থাপন কৰিছে৷ প্ৰতিযোগিতা সন্দৰ্ভত কেকেএফআইৰ সভাপতি মিট্টালে ছলমানক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তাৰকাজনৰ উপস্থিতিয়ে বিশ্বকাপলৈ আৰু অধিক আকৰ্ষন লৈ আনিব৷

‘আমি ছুপাৰষ্টাৰ ছলমান খানক তেওঁৰ ব্যস্ততাৰ মাজতে আমাৰ প্ৰিয় মিট্টি কা খেললৈ সময় দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ তেওঁৰ এই ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু আমি নিশ্চিত যে তেওঁ সহযোগে আসন্ন বিশ্বকাপক সমগ্ৰ দেশতে জাগৰণ আনিব৷ খো খো বিশ্বকাপৰ উদ্বোধনী সংস্কৰণক এক বৃহৎ সফলতা লাভ কৰিবলৈ আৰু আমি অনুৰাগীসকলৰ বাবে অপেক্ষা কৰিম৷’ সংবাদ মেলত এইদৰে কয় কেকেএফআইৰ সভাপতি মিট্টালে। স্মৰ্তব্য যে নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ’বলগা প্ৰতিযোগিতাখনৰ সফল আয়োজনৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই ইতিমধ্যে ভাৰতীয় খো খো ফেডাৰেচনক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিৰে অংশীদাৰিত্বৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷