গুৱাহাটী, ২৪ জানুৱাৰী, ২০২৬ : ভোটাৰ তালিকা সংশোধনৰ নামত ৰাজ্যত বৈধ ভোটাৰৰ নাম কৰ্তনৰ যি ষড়যন্ত্ৰ চলিছে ইয়াক অগণতান্ত্ৰিক বুলি আখ্যা দি ভাৰতীয় গণ পৰিষদৰ (Bhartiya Gana Parishad) সভাপতি শান্তনু মুখাৰ্জীয়ে সকলোকে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ ইতিহাসত শাসকীয় দলৰ ক্ষমতাৰ অপব্যৱহাৰ চূড়ান্ত পৰ্যায় পাইছে আৰু শাসকীয় দলৰ দ্বাৰা গণতন্ত্ৰৰ ধৰ্ষণ কৰা হৈছে বুলি মন্তব্য কৰি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছে শান্তনু মুখাৰ্জীয়ে।
নিৰ্বাচন আয়োগৰ দ্বাৰা ৰাজ্যত শেহতীয়াকৈ চলি থকা ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হৈছে। ভোটাৰ তালিকা সংশোধনৰ নামৰ খিলঞ্জীয়া ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ ষড়যন্ত্ৰৰ কৰা হৈছে বুলি ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দল সমূহে অভিযোগ উত্থাপন কৰিছে। জাতীয়তাবাদী আঞ্চলিক দল অসম জাতীয় পৰিষদে অসমৰ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি বহিঃৰাজ্যৰ ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰি বিজেপি দলে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ অভিসন্ধি ৰচনা কৰাৰ অভিযোগ কৰিছে। ইয়াৰ দ্বাৰা অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত বিজেপি দল আৰু চৰকাৰে এক সাংগঠনিক ৰাজনৈতিক আক্ৰমণ চলোৱাৰো অভিযোগ কৰিছে আঞ্চলিক দলটোৱে।
ৰাজ্যৰ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াকলৈ বিৰোধী ৰাজনৈতিক দল সমূহে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ মাজতে এইবাৰ ভাৰতীয় গণ পৰিষদ দলে নিৰ্বাচন আয়োগৰ দ্বাৰা ৰাজ্যত চলি থকা ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াকলৈ প্ৰশ্ন উত্থাপন কৰি ইয়াৰ দ্বাৰা বৈধ ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ এক ষড়যন্ত্ৰ চলি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। ভাৰতীয় গণ পৰিষদৰ সভাপতি শান্তনু মুখাৰ্জীয়ে শেহতীয়াকৈ বিপুল হাৰত বৈধ ভোটাৰক নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰা কাৰ্যকলৈ শংকিত হৈ পৰিছে।
দুদিন পূৰ্বে কামৰূপ জিলাৰ বকোত শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীয়ে সমজিলা কাৰ্যালয়ত নিশাৰ ভাগত ভোটাৰ তালিকাৰ পৰা একাংশ বৈধ লোকৰ নাম কৰ্তন আৰু সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ এক বাতৰি প্ৰকাশ পাইছিল। সামাজিক মাধ্যমৰ লগতে বাতৰিৰ শিৰোনাম দখল কৰা এই বাতৰিয়ে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত শান্তনু মুখাৰ্জীয়ে কয় “নিৰ্বাচন আয়োগৰ কৰ্মচাৰী হিচাপে শাসকীয় দলৰ নেতা-পালিনেতাই বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ কাৰ্যত লিপ্ত হোৱা বাতৰিয়ে আমাক আচৰিত কৰি তুলিছে। ভাৰতৰ ইতিহাসত গণতন্ত্ৰ আৰু শাসকীয় দলৰ ক্ষমতাৰ অপব্যৱহাৰৰ এইটো চূড়ান্ত পৰ্যায়। ইয়াৰ দ্বাৰা শাসকীয় দলে গণতন্ত্ৰৰ ধৰ্ষণ চলাইছে আৰু আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো।”
ৰাজ্যত ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে একাংশ বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা বুলি অভিযোগ উঠিছে। আনহাতে একাংশ ভুৱা অভিযোগকাৰীয়ে বহু বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ ভুৱা অভিযোগ দাখিল কৰাও পৰিলক্ষিত হৈছে। শেহতীয়াকৈ কৰিমগঞ্জৰ সাহসী বি এল অ’ সুমনা চৌধুৰীয়ে কি দৰে বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰ চলি আছে ইয়াক ৰাজহুৱা কৰিছিল। শান্তনু মুখাৰ্জীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক ভোটাৰ তালিকা সংশোধৰ নামত ৰাজ্য চলি থকা সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ দাবী জনাইছে। ৰাজ্যত ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ দ্বাৰা ৯৩,০২১ জন “ডি” ভোটাৰক চিহ্নিত কৰা হৈছে বুলি জানিব পৰা গৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান দিন মিছা কথা কৈছে কিমান আচৰিত? ইয়াকলৈও উদ্বেগ প্ৰকাশ কৰিছে শান্তনু মুখাৰ্জীয়ে।
