গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৫ : ভাৰতবৰ্ষৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন সন্দৰ্ভত বুধবাৰে কামৰূপ মহানগৰ (Kamrup Metro) জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধীয়ে এখন সংবাদ মেল সম্বোধন কৰে। অহা ৩১ অক্টোবৰৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে “ইউনিটি মাৰ্চ-এক ভাৰত-আত্মনিৰ্ভৰ ভাৰত” শীৰ্ষক লক্ষ্যৰে লৌহমানৱ গৰাকীৰ ডেৰশ বছৰীয়া জন্ম দিৱস পালন কৰা হ’ব।

এই উপলক্ষ্য কামৰূপ মহানগৰ জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সাতদিনীয়া কাৰ্যসূচীৰ ভিতৰত আছে কামৰূপ মহানগৰ জিলাৰ অমৃত সৰোবৰসমূহ চাফ-চিকুণ কৰা, ৰাষ্ট্ৰীয় মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্ত্তিসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি মাল্যাৰ্পণ কৰা, সামাজিক ঘটনাপ্ৰবাহক লৈ বাটৰ নাট প্ৰদৰ্শন, যোগ কেন্দ্ৰসমূহত যোগ প্ৰদশৰ্ন কৰা ইত্যাদি।

স্বদেশী বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰিবলগীয়া স্বদেশী মেলা সন্দৰ্ভত সংবাদমেলত সাংসদ কলিতা মেধীয়ে কয় যে ইয়াত অংশগ্ৰহণ কৰি সকলোৱে স্বদেশী বস্তু ক্ৰয় কৰিব পাৰিব। তদুপৰি নিচামুক্ত ভাৰত সন্দৰ্ভত শপত লোৱা হ’ব। একেদৰে, অহা ৭ নৱেম্বৰৰ পুৱা ৬ বজাত মহানগৰীৰ অটল অমৃত উদ্যানৰ পৰা ইউনিটি মাৰ্চ আৰম্ভ হৈ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত অন্ত পৰিব। এই ইউনিটি মাৰ্চত বিদ্যালয়, মহাবিদ্যালয়,এন এছ এছৰ ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণে অংশগ্ৰহণ কৰিব।

সাংসদগৰাকীয়ে এই ৰাণ ফৰ ইউনিটিত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে লৌহমানৱগৰাকীৰ ডেৰশ বছৰীয়া জন্ম দিৱসৰ সৈতে সংগতি ৰাখি যোৱা ৬ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মন্ত্ৰী ডা: মনসুখ মাণ্ডবিয়াই ডিজিটেল প্ৰচাৰৰ বাবে “মাই ভাৰত প’ৰ্টেল” মুকলি কৰিছে।

এই প’ৰ্টেলত কুইজ প্ৰতিযোগিতা, সামাজিক মাধ্যমত ৰীল বনোৱা আৰু ৰচনা লিখা প্ৰতিযোগিতাক অন্তৰ্ভুক্ত কৰা হৈছে। সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান ,অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ’ কৰণ পেগু,জিলা ক্ৰীড়া বিষয়া পুস্পেন্দু দাস, মাই ভাৰত, কামৰূপ মহানগৰ জিলাৰ য়ুথ বিষয়া উপস্থিত থাকে ।