সোণতলী, ২৫ অক্টোবৰঃ দক্ষিণ কামৰূপৰ টপাৰপথাৰৰ এজন ছাত্ৰলৈ আহিছে আইএছআইএছৰ ভাবুকি৷ ছাত্ৰজনক আইএছআইএছত যোগদানৰ কাৰণে হেঁচা প্ৰয়োগ কৰা হৈছে৷ অন্যথা একে৪৭ৰে গুলিয়াই হত্যা কৰা হ’ব ছাত্ৰজনক৷ দক্ষিণ কামৰূপৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমুলী আৰক্ষী চকীৰ অধীনস্থ টপাৰ পথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ চৌহদৰ এজোপা গছ কটাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই সম্প্ৰতি চৰম পৰ্যায় পাইছে৷ বিতৰ্কটো ওৰ পৰাৰ পৰিবৰ্তে আইএছআইএছৰ ভাবুকি পৰ্যন্ত পাইছে৷ উল্লেখ্য যে, মাদ্ৰাছাখনৰ চৌহদত থকা এজোপা প্ৰকাণ্ড গছ অধীক্ষকে ১৫ অক্টোবৰত বিনা অনুমতিত কাটি পেলোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে ১৬ অক্টোবৰৰ পৰা শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ১৭ অক্টোবৰত ছাত্ৰ একতা সভাই ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ জোৰশিমুলী আৰক্ষীয়ে ঘটনাৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰি মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীয়ে ১৯ অক্টোবৰত আৰক্ষী চকী ঘেৰাও কৰাৰ উপৰি ২০ অক্টোবৰত গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে।ইয়াৰ পিছতেই মাদ্ৰাছা খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আশ্ৰাফুল আহমেদলৈ আহে নিষিদ্ধ ঘোষিত সংগঠন আইএছআইএছৰ ভাবুকি৷ আশ্ৰাফুল আহমেদক ৮০১৯১১২৭১৫ নম্বৰৰ পৰা কেইবাটাও মেছেজৰ কৰি আইএছআইএছত যোগদান নকৰিলে একে৪৭ৰে গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়া হৈছে৷ এছএমএছত অসমৰ বিভিন্ন ঠাইৰ পৰা ২০,৪৭০জন ল’ৰা আৰু ২,০৪৯গৰাকী মহিলাই আইএছআইএছত যোগদান কৰাৰ কথাও উল্লেখ কৰা হৈছে৷ ঘটনা সৰ্ম্পকে আশ্ৰাফুল আহমেদে গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অৱগত কৰাৰ উপৰি মোবাইলটো চক্ৰ বিষয়াক হস্তান্তৰ কৰাৰ কথা জানিব পৰা গৈছে৷ আহমেদে ঘটনাৰ উচিত তদন্তৰ দাবীত জোৰশিমুলী আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে৷ এজোপা গছ কটাৰ প্ৰতিবাদ কৰাৰ বাবেই টপাৰ পথাৰ ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰজনলৈ আইএছআইএছৰ পৰা সঁচাকৈয়ে ভাবুকি আহিছে নে এয়া অধীক্ষকজনৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ বন্ধ কৰাৰ বাবে কোনো ষড়যন্ত্ৰ, সেয়া টপাৰপথাৰবাসীৰ বাবে এক অবুজ সাঁথৰ হৈ পৰিছে৷