গুৱাহাটী, ৫ ডিচেম্বৰ: ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ [চি চি আৰ টি] অধীনৰ নতুন দিল্লীৰ সাংস্কৃতিক সমল আৰু প্ৰশিক্ষণ বিভাগৰ দ্বাৰা অনুষ্ঠিত কৰা ২০১৭-১৮ বৰ্ষৰ পৰীক্ষাত অৱতীর্ণ হৈ নামৰূপৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্রৰ ছাত্ৰী অৰ্চিতা দত্তই ৰাষ্ট্রীয় পর্যায়ৰ জলপানি লাভ
কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সাফল্যতাই সাৰনগৰী নামৰূপলৈ গৌৰৱ কঢ়িয়াই আনিছে। শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্র, সাৰনগৰী বৰনামঘৰ, নামৰূপৰ অধ্যক্ষ তথা গুৰু অলিমনি দত্ত শইকীয়া তত্বাৱধানত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ থকাৰ উপৰিও তেওঁ খোলবাদন আৰু আবৃত্তিৰ প্ৰশিক্ষণ গ্রহণ কৰি আছে। নামৰূপ বি ভি এফ চি মডেল উচ্চতৰ মাধ্যমিক স্কুলৰ অষ্টম শ্রেণীৰ ছাত্রী অৰ্চিতা দত্ত সাৰকাৰখানাৰ বিষয়া চিদানন্দ দত্ত আৰু ইনুমনি দত্তৰ কন্যা।