কলগাছিয়া, ২৬ ছেপ্টেম্বৰঃ ভাৰত চৰকাৰৰ স্বচ্ছতা হি সেৱা কাৰ্যক্ৰমৰ অংশ হিচাপে বৰপেটাৰ কলগাছিয়াৰ নেহৰু যুৱ কেন্দ্ৰৰ সৌজন্যত আৰু কলগাছিয়াৰ হেল্পলাইন ফাউণ্ডেচনৰ উদ্যোগত কেআইকে মে’মৰিয়েল হাই মাদ্ৰাছা প্ৰাঙ্গণত স্বচ্ছ ভাৰত অভিযানৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকি নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মেল হুছেইনে সচ্ছতাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়ে। আনহাতে স্বচ্ছতা আৰু নেহৰু যুৱ কেন্দ্ৰৰ বিষয়ে ভাষণ দিয়ে হেল্পলাইন ফাউণ্ডেচনৰ সভাপতি শ্বাফিউল হাছানে। অনুষ্ঠানত বিশিষ্ট সমাজ সেৱিকা জেলেকা খাতুনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত ভাষণ দিয়ে। কেআইকে মেমৰিয়েল হাই মাদ্ৰাছাৰ অধীক্ষক এম কোব্বাদ আলীৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট লেখক জাহিদুল ইছলামে। অনুষ্ঠানটোত হেল্পলাইন ফাউণ্ডেচনৰ কৰ্মকৰ্তা শ্বহিদুল ইছলাম, শাহা আলম ভূঞা, ৰাজিবুল ইছলাম, সৰবেশ আলী আৰু হাফিজ শুকুৰ আলীৰ লগতে প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী উপৰি স্থানীয় লোক উপস্থিত থাকে।