নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ : বহুকেইটা সেৱাৰ চাৰ্ভিছ চাৰ্জৰ পৰিৱৰ্তন কৰিব এছ বি আইয়ে। গ্ৰাহকক মিনিমাম বেলেন্সৰ ঝামেলাৰ পৰা ৰেহাই দিবলৈ বিচাৰিছে দেশৰ সৰ্ববৃহৎ বেংকটোৱে। এই আঁচনিৰ অধীনত বেংক একাউণ্টত মাহে এভাৰেজ বেলেন্স নৰখাৰ ক্ষেত্ৰত লাগিবলগীয়া চাৰ্জ প্ৰায় ৮০শতাংশলৈ কমিব। ইয়াৰ লগতে এন ই এফ টি আৰু আৰ টি জি এছৰ দৰে ডিজিটেল মোডৰ লেন দেনত ট্ৰানজেকশ্যন সস্তা হৈ পৰিব। ইংৰাজী ৱেবছাইট ফাইনেনচিয়েল এক্সপ্ৰেছৰ মতে এছ বি আইৰ নতুন চাৰ্ভিছ চাৰ্জ ১ অক্টোবৰ, ২০১৯ৰ পৰা বলৱৎ হ’ব।

ইয়াৰোপৰি ১ অক্টোবৰৰ পৰা গ্ৰাহকে ৫০০০ টকা আৰু ৩০০০ মিনিমাম মন্থলী বেলেন্স কমি দুয়োধৰণৰ স্থানৰ কাৰণে ৩০০০টকা হ’ব পাৰে। লগতে যদিহে মাহে মিনিমাম বেলেন্স ৩০০০টকাতকৈ ৭৫শতাংশৰ অধিক কম হ’লে পেণাল্টি ১৫টকা+জিএছটি লাগিব পাৰে। বৰ্তমান এই পেণাল্টি ৮০টকা+জিএছটি।

এছ বি আই ডিজিটেল মোডৰ সহায়ত কৰা এন ই এফ টি আৰু আৰ টি জি এছৰ ট্ৰানজেকশ্যন বিনামূলীয়া কৰা হৈছে। যোৱা এক জুলাইৰ পৰা এই নিয়ম বলৱৎ হৈছে। একেধৰণে এছবিআই ব্ৰান্সত এন ই এফ টি আৰু আৰ টি জি এছৰ চাৰ্জো কম কৰা হৈছে। ১ অক্টোবৰৰ পৰা ১০হাজাৰ টকালৈ আৰ টি জি এছ এন ই এফ টিৰ লেন–দেনত কোনো ধৰণৰ চাৰ্জ নালাগে।

সলনি হ’ব এছ বি আইৰ এটিএম চাৰ্জো । মেট্ৰ’ চহৰত এছবিআই এটিএমৰ পৰা সৰ্বাধিক ১০বাৰ ডেবিট কাৰ্ড ট্ৰানজেকশ্যন বিনামূলীয়াকৈ কৰিব পাৰিব। আনহাতে অন্য ঠাইত এটিএমৰ পৰা সৰ্বাধিক ১২বাৰ টকা উলিওৱা বিনামূলীয়া হ’ব।

চেভিংছ বেংক একাউণ্ট ধাৰীসকলে এটা বিত্তীয় বৰ্ষত প্ৰথম ১০খন চেক বিনামূলীয়াকৈ পাব। ইয়াৰ পিছত ১০খন চেকপাত থকা বুক ৪০টকা+জিএছটি আৰু ২৫খন চেকপাত থকা বুক ৭৫টকা+জিএছটি হ’ব। ছিনিয়ৰ চিটিজেন আৰু দৰমহা একাউণ্টৰ কাৰণে চেক ফ্ৰী হ’ব।