গুৱাহাটী, ২৫ আগষ্ট, ২০২৫ : দেশৰ সৰ্ববৃহৎ বেংক হিচাপে পৰিচিত ভাৰতীয় ষ্টেট বেংক (এছ বি আই)য়ে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ (IIT Guwahati)ৰ সৈতে অংশীদাৰিত্বৰে পি এছ বি হেকাথন ছিৰিজ ২০২৫ – ফিন’ভেশ্যন এক আড়ম্বৰপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সফলতাৰে সমাপন কৰে। ভাৰতীয় বেংক সংস্থাৰ (আই বি এ)ৰ সমন্বয়ত বিত্তীয় সেৱা বিভাগৰ (ডি এফ এছ) তত্বাৱধানত আয়োজন কৰা এই ছিৰিজৰ লক্ষ্য হৈছে ফিনটেক আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক প্ৰচেষ্টাসমূহক উৎসাহিত কৰা আৰু মানক সমাধানসমূহক সঠিক দিশত পৰিচালিত কৰা।
এছ বি আইৰ অধ্যক্ষ চল্লা শ্ৰীনিবাসুলু চেট্টী, গুৱাহাটী আই আই টিৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল, এছ বি আইৰ এম ডি বিনয় এম টনছে আৰু আই বি এৰ মুখ্য কাৰ্যবাহী বিষয়া অতুল কুমাৰ গোৱেলৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকলৰ উপস্থিতিত ডি এফ এছৰ সম্পাদক এম নাগাৰাজুয়ে বিজয়ীসকলক সম্বৰ্ধনা জনায়। ‘লোন ডিফল্টৰ ধৰা পেলোৱা আৰু ডিজিটেল ইক’চিষ্টেমত ইয়াৰ অনুসৰণ’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিত এই হেকাথনখন এছ বি আইৰ উদ্যোগত, আই আই টি গুৱাহাটীত অনুষ্ঠিত হয়। ৯০ দিনৰ ভিতৰত অংশগ্ৰহণকাৰী দলসমূহে উদ্যমীতা আৰু সমস্যা সমাধানৰ মনোভাৱ প্ৰদৰ্শন কৰি সমাধান আৰু আৰ্হি বিকশিত কৰাৰ ওপৰত নিবিড়ভাৱে কাম কৰে।
ডি এফ এছৰ সম্পাদক এম নাগাৰাজুয়ে বিজয়ীসকলক অভিনন্দন জনোৱাৰ লগতে যুৱ উদ্ভাৱকসকলক অনুপ্ৰাণিত কৰাৰ বাবে এছ বি আই-আই আই টি গুৱাহাটীৰ অংশীদাৰিত্বক প্ৰশংসা কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ উদ্যোগী প্ৰতিভা আৰু ছাত্ৰ-ছাত্ৰী তথা বেংকৰ মাজত সহযোগিতাৰ উৎকৰ্ষ সাধনৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰে। নিৰন্তৰ উদ্ভাৱন, চাইবাৰ সুৰক্ষা আৰু বিত্তীয় খণ্ডক শক্তিশালী কৰিবলৈ ষ্টাৰ্টআপক সহায় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালকৈ তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ উন্নতিৰ কল্পনা কৰি এইক্ষেত্ৰত বিত্তীয় খণ্ডই ল’বলগীয়া গুৰুত্বপূৰ্ণ ভূমিকাৰ অপৰিহাৰ্য্যতা সম্পৰ্কেও উল্লেখ কৰে। তেওঁ এছ বি আই আৰু আয়োজকসকলক ধন্যবাদ জনাই ছাত্ৰ-ছাত্ৰীসকলক উচ্চ লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰি ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে সফলতা কামনা কৰে।
এছ বি আইৰ অধ্যক্ষ চি এছ চেট্টীয়ে কয়, “ফিনটেক আৰু ষ্টাৰ্টআপক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত বিত্তীয় সেৱা বিভাগ আৰু আই আই টি গুৱাহাটীৰ সৈতে সহযোগিতা কৰি এছ বি আই গৌৰৱান্বিত। য়োনো আৰু ইউ পি আইৰ দৰে আমাৰ প্ৰযুক্তিগত উন্নতিৰ লগতে এম এছ এম ই ঋণ আৰু চাইবাৰ সুৰক্ষাৰ বাবে ইনকিউবেচন পদক্ষেপে ভাৰতৰ প্ৰযুক্তি আৰু বিত্তীয় বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। ভৱিষ্যতৰ বাবে এক পূৰ্ণ সমাধান গঢ়ি তুলিবলৈ উদ্যোগ-শৈক্ষিক সহযোগিতা অতি প্ৰয়োজনীয আৰু সেই পৰিৱেশতন্ত্ৰ গঢ়ি তোলাত ফিন’ভেশ্যনৰ দৰে পদক্ষেপ অতি প্ৰয়োজনীয়। মই সকলো বিজয়ীকে অভিনন্দন জনাইছোঁ আৰু ভাৰতৰ বিত্তীয় ভৱিষ্যতৰ বাবে উদ্ভাৱন অব্যাহত ৰাখিবলৈ আহ্বান জনাইছোঁ।” ভাৰতৰ ডিজিটেল আৰু বিত্তীয় ভৱিষ্যত গঢ় দিয়াত “ফিন’ভেশ্যন”ৰ দৰে হেকাথনৰ ভূমিকাক পুনৰ দৃঢ় কৰি যুৱ উদ্ভাৱকসকলৰ প্ৰতি উৎসাহপূৰ্ণ এক শক্তিশালী বাৰ্তাৰে অনুষ্ঠানটোৰ সামৰণি পৰে।