নিউজ ডেস্ক, ১৮ মাৰ্চ, ২০২৬ : দেশৰ বীমা খণ্ডত বিশ্বাস আৰু স্বচ্ছতাৰ এক নতুন বাৰ্তাৰে এছবিআই জেনেৰেল ইন্সিওৰেন্সে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰিছে প্ৰখ্যাত অভিনেতা পংকজ ত্ৰিপাঠীৰ (Pankaj Tripathi) নাম। ভাৰতৰ অন্যতম আগশাৰীৰ এই জেনেৰেল ইন্সিওৰেন্স কোম্পানীটোৱে অভিনেতাগৰাকীক নিজৰ ব্ৰেণ্ডৰ মুখ হিচাপে নিযুক্তি প্ৰদান কৰে। ইয়াৰ লগতে প্ৰতিষ্ঠানটোৱে ‘চুনিয়ে ভৰোসা, অপনো চা’ শীৰ্ষক এক সংহত ব্ৰেণ্ড অভিযানৰো উন্মোচন কৰে। লক্ষ্যণীয় যে, এই সহযোগিতাই বিশ্বস্ততা আৰু স্বকীয়তাৰ বাবে পৰিচিত এগৰাকী ব্যক্তিত্বক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত এটা ব্ৰেণ্ডৰ সৈতে একত্ৰিত কৰিছে।
পংকজ ত্ৰিপাঠীৰ সৰল ব্যক্তিত্বই তেওঁক ব্ৰেণ্ডটোৰ মূল প্ৰতিশ্ৰুতি অৰ্থাৎ অত্যন্ত ব্যক্তিগত আৰু আশ্বস্ত কৰিব পৰা “বিশ্বাস”ৰ এক স্বাভাৱিক প্ৰতিচ্ছবি হিচাপে গঢ়ি তুলিছে। প্ৰতিষ্ঠানটোৱে ইয়াৰ ‘চুনিয়ে ভৰোসা, অপনো চা’ অভিযানৰ অংশ হিচাপে এখন নতুন স্বাস্থ্য বীমাৰ চুটি ছবি মুকলি কৰে। এই বিশেষ ছবিখনে পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এক নিৰ্ভৰযোগ্য সহযোগী হোৱাৰ যি প্ৰতিশ্ৰুতি, তাক সুন্দৰকৈ আলোকপাত কৰিছে। প্ৰতিষ্ঠানটোৰ বিশ্বাস অনুসৰি, প্ৰকৃত আশ্বাসৰ আধাৰ হ’ল দৈনন্দিন জীৱনৰ সৰু সৰু দায়িত্ববোধ আৰু নিৰন্তৰ সহায়। লক্ষ্যণীয় যে, দায়িত্বশীলতা আৰু সুৰক্ষাৰ এই সৰু অথচ ধাৰাবাহিক ইংগিতবোৰেই মানুহৰ মনত এক অটল বিশ্বাসৰ সঞ্চাৰ কৰে।
প্ৰখ্যাত অভিনেতা পংকজ ত্ৰিপাঠীৰ অভিনয়েৰে সমৃদ্ধ এই ছবিখনত তেওঁক পৰিয়ালৰ এজন শান্ত তথা শক্তিশালী স্তম্ভ হিচাপে উপস্থাপন কৰা হৈছে। তেওঁ পৰিয়ালৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতি অতি সজাগ আৰু নিজৰ প্ৰতিটো কাৰ্যৰ মাজেৰে আন্তৰিকতা প্ৰকাশ কৰে। তেওঁৰ সৰল উপস্থিতিয়ে দায়বদ্ধতা, সহানুভূতি আৰু অটল প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে, যিটো ভাৰতীয় পৰিয়ালসমূহৰ মাজত গভীৰভাৱে প্ৰতিধ্বনিত হয়। এই কাহিনীটোৱে এছবিআই জেনেৰেল ইন্সিওৰেন্সৰ সুৰক্ষা প্ৰদানকাৰী ভূমিকাক প্ৰকাশ কৰাৰ লগতে আটাইতকৈ প্ৰয়োজনৰ সময়ত পৰিয়ালবোৰৰ কাষত আত্মবিশ্বাসেৰে থিয় দিয়াৰ মনোভাৱকো প্ৰতিফলিত কৰিছে। টি বি ডব্লিউ এ লিণ্টাছৰ দ্বাৰা পৰিকল্পিত আৰু নিৰ্মিত এই চুটি ছবিয়ে বৰ্তমান বিশেষ চৰ্চা লাভ কৰিছে।
মন কৰিবলগীয়া যে, বৰ্তমানৰ স্বাস্থ্যসেৱাৰ পৰিপ্ৰেক্ষিতত এই দৰ্শন অতিশয় প্ৰাসংগিক হৈ পৰিছে। ক্ৰমান্বয়ে বৃদ্ধি পোৱা অনিশ্চয়তা, চিকিৎসাৰ বৰ্ধিত ব্যয় আৰু স্বাস্থ্যৰ প্ৰতি সচেতনতাই এক সৰ্বাংগীন স্বাস্থ্য বীমাক বিত্তীয় পৰিকল্পনাৰ এক অপৰিহাৰ্য স্তম্ভ হিচাপে গঢ়ি তুলিছে। এছবিআই জেনেৰেল ইন্সিওৰেন্সে সামগ্ৰীৰ উদ্ভাৱন, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু স্বচ্ছ দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়াৰ সমন্বয় ঘটাই এই খণ্ডটোক অধিক অৰ্থপূৰ্ণ কৰি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই সহযোগিতাৰ সন্দৰ্ভত এছবিআই জেনেৰেল ইন্সিওৰেন্সৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া নবীন চন্দ্ৰ ঝাই কয়, “ভাৰতীয় পৰিয়ালসমূহে স্বাস্থ্যসেৱা আৰু বিত্তীয় সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা দৃষ্টিভংগীৰ এক স্পষ্ট পৰিৱৰ্তন পৰিলক্ষিত হৈছে। চিকিৎসাৰ বৰ্ধিত খৰচ আৰু সজাগতাৰ পৰিপ্ৰেক্ষিতত সৰ্বাংগীন স্বাস্থ্য বীমা এতিয়া কেৱল এক বিকল্প হৈ থকাৰ পৰিৱৰ্তে এক অপৰিহাৰ্য প্ৰয়োজনীয়তাও হৈ পৰিছে। ‘চুনিয়ে ভৰোসা, অপনো চা’ অভিযান আৰু পংকজ ত্ৰিপাঠীৰ সৈতে আমাৰ এই অংশীদাৰিত্বৰ জৰিয়তে আমি আগতীয়াকৈ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছোঁ। ইয়াৰ লগতে বীমা সেৱাক সৰল, সুলভ আৰু ভাৰতীয় পৰিয়ালসমূহৰ ক্ৰমবৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাব পৰাকৈ গঢ়ি তোলাৰ বাবে আমাৰ যি প্ৰতিশ্ৰুতি, তাকো পুনৰবাৰ সবল কৰি তুলিছো।”
ইফালে, এই সহযোগিতা সন্দৰ্ভত এছবিআই জেনেৰেল ইন্সিওৰেন্সৰ ব্ৰেণ্ড এম্বেচেডৰ অভিনেতা পংকজ ত্ৰিপাঠীয়ে কয়, “সাধাৰণ বীমা উদ্যোগৰ অন্যতম শক্তিশালী ব্ৰেণ্ড এছবিআই জেনেৰেল ইন্সিওৰেন্সৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে জড়িত হ’বলৈ পাই মই অত্যন্ত উৎসাহিত হৈ পৰিছোঁ। সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ অটল প্ৰতিশ্ৰুতি আৰু গ্ৰাহকৰ মাজত থকা ইয়াৰ বিশ্বাসে মোক সঁচাকৈয়ে আপ্লুত কৰিছে। বিশেষকৈ ‘চুনিয়ে ভৰোসা, অপনো চা’ অভিযানৰ মৰ্মস্পৰ্শী কাহিনীভাগে মোৰ হৃদয় চুই গৈছে- যিটো এক আন্তৰিকতা, গভীৰ দায়িত্ববোধ আৰু পৰিয়ালৰ প্ৰতি থকা নিবিড় আত্মীয়তাৰ এক প্ৰতিশ্ৰুতি। এই চুটি ছবিখনৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে স্বাস্থ্য বীমাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ বিষয়ে দেশজুৰি সজাগতা সৃষ্টি কৰিছে, যাতে প্ৰয়োজনৰ সময়ত ভাৰতৰ প্ৰতিটো পৰিয়াল সুৰক্ষিত হৈ থাকে।”
এই ব্যাপক সংহত অভিযানটো প্ৰিণ্ট, টিভি, অ’অ’এইচ, অ’টিটি প্লেটফৰ্ম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে সৰ্বত্ৰে সম্প্ৰসাৰিত কৰা হ’ব। আকৰ্ষণীয় কাহিনী আৰু ধাৰাবাহিক জনসম্পৰ্কৰ জৰিয়তে কোম্পানীটোৱে ‘চুনিয়ে ভৰোসা, অপনো চা’ অভিযানক দেশৰ চুকে-কোণে থকা দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্য ৰাখিছে। এই সংহত পদ্ধতিটো ব্ৰেণ্ডৰ প্ৰতি মানুহৰ ধাৰণা শক্তিশালী কৰিবলৈ, আৱেগিক সম্পৰ্ক গভীৰ কৰি তুলিবলৈ আৰু বিত্তীয় সুৰক্ষাৰ ক্ষেত্ৰত এছবিআই জেনেৰেল ইন্সিওৰেন্সৰ স্থিতি এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে অধিক সৱল কৰিবলৈ পৰিকল্পনা কৰা হৈছে।
